
এগৰাকী নব্বৈ বছৰীয়া মহিলা (Ninety-year-old woman)ক দলবদ্ধ ধৰ্ষণ (Gang rape)ৰ অভিযোগ চাৰিজন লোকৰ বিৰুদ্ধে। মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলা (Khandwa district of Madhya Pradesh)ত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে নিজৰ ঘৰত অকলে থাকে। তেওঁৰ ছোৱালীজনী ওচৰৰ গাঁৱত থাকে। বৃহস্পতিবাৰে নিশা চাৰিজন লোকে মুখ ঢাকি জোৰকৈ তেওঁৰ ঘৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ।

শুকুৰবাৰে পুৱা মহিলাগৰাকীয়ে কন্যাক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছত তেওঁ মহিলাগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ৰ পৰাই আৰক্ষীক খবৰ দিয়া হয়। চাৰিজন অচিনাক্ত লোকৰ বিৰুদ্ধে দাখিল কৰিছে ধৰ্ষণৰ অভিযোগ। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, মহিলাগৰাকী চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁৰ অৱস্থা সুস্থিৰ।
খাণ্ডৱা আৰক্ষী অধীক্ষক মনোজ ৰায়ে জানিবলৈ দিয়া মতে, চাৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তালাচী আৰম্ভ কৰা হৈছে। এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। ইয়াৰ উপৰি তিনিটা পৃথক দল গঠন কৰা হৈছে। দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। আৰক্ষীক জনোৱা মতে, বৃহস্পতিবাৰে মাজনিশা দুষ্কৃতিকাৰীয়ে জোৰকৈ তেওঁৰ ঘৰত সোমাই যায়। ইয়াৰ পিছত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। কিন্তু ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী অধিক তীব্ৰতৰ হৈ পৰিছে।











