
দেওবাৰে অনুষ্ঠিত চলিত বৰ্ষৰ টি-২০ বিশ্বকাপত চেম্পিয়নৰ (T-20 Champion) খিতাপ লাভ কৰে ভাৰতে । নিউজীলেণ্ডক ৯৬ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে ভাৰতে এই খিতাপ দখল কৰে ।

ভাৰতে ২০০৭ চনত আৰম্ভণি বৰ্ষৰ বিশ্বকাপ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দখল কৰিছিল । ইয়াৰ পিছত ২০২৪ চনত ৰোহিত শৰ্মাৰ নেতৃত্বত আৰু এইবাৰ ক্ৰমাগতভাৱে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টীম ইণ্ডিয়াই বিশ্বকাপৰ খিতাপ দখল কৰে ।
এয়া হৈছে এক ইতিহাস । কিয়নো এতিয়ালৈকে কোনো দলে একেৰাহে দ্বিতীয়বাৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰা নাই । আনহাতে, ঘৰুৱা মাটিতো কোনো দল চেম্পিয়ন হোৱা নাই । একেদৰে কোনো এটা দলেই তৃতীয়বাৰ বিশ্বকাপৰ খিতাপ দখল কৰা নাই ।
উল্লেখ্য যে টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা প্ৰত্যেকেটো দলেই এক নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰিছে । যিটো দল যিমানেই আগবাঢ়িছে সিমানেই পুৰস্কাৰৰ ধন বাঢ়িছে । দেওবাৰে আহমেদাবাদত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতে বিশ্বকাপত জয়লাভ কৰে । ফলত সূৰ্যকুমাৰ যাদৱৰ দলে সৰ্বাধিক ধন লাভ কৰিছে ।
এইবাৰৰ বিশ্বকাপৰ বাবে আই চি চিয়ে ১২০ কোটি টকাৰ পুৰস্কাৰ ধন নিৰ্ধাৰণ কৰিছিল । প্ৰতিটো পৰ্যায়ৰ বাবে ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল । বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱা দলসমূহে লাভ কৰে ২.৩০ কোটি টকাকৈ । আনহাতে, ছুপাৰ ৮ পৰ্যায়ত বাহিৰ হোৱা দলসমূহে লাভ কৰে ৩.৫ কোটি টকা । অৰ্থাৎ ৩.৫ কোটি টকা লৈ ঘৰলৈ ওভতে পাকিস্তান।
বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হয় দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড । দল দুটাই লাভ কৰে ৭.২৪ কোটি টকা । ফাইনেলত ৰানাৰ্ছ আপ দল নিউজীলেণ্ডে লাভ কৰে ১৪.৬৫ কোটি টকা । আৰু ভাৰতে বিশ্বকাপ জয় কৰি ২৭.৪৮ কোটি টকা লাভ কৰে ।
এই পৰিমাণৰ ধন আই চি চিৰ পৰা লাভ কৰে সূৰ্য বাহিনীয়ে। সাধাৰণতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বিশ্বকাপ জয়ৰ সময়ত পুৰস্কাৰৰ ধন ঘোষণা কৰে। এইবাৰো তেওঁলোকে তেনেকুৱা কৰিবনে নকৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।











