
তামিলনাডুত নিৰ্বাচনী সমৰত থালাপাথি বিজয়৷ শনিবাৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে তেওঁ ঘোষণা কৰে যে যদি তেওঁৰ দলে নিৰ্বাচনত জয়ী হয়, তেওঁ নৱবিবাহিত দম্পতীক আঠ গ্ৰাম সোণ, ৬০ বছৰৰ ওপৰৰ মহিলাক প্ৰতি মাহে ২,৫০০ টকা আৰু ৰাজ্যখনত জন্ম হোৱা প্ৰতিটো শিশুক এটা সোণৰ আঙুঠি প্ৰদান কৰিব।

লগতে বহুতো উপহাৰো আছে। তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও অসম, বংগ আৰু তামিলনাডুকে ধৰি দেশৰ ৫ খন ৰাজ্যত নিৰ্বাচনৰ ঘণ্টা বজোৱা হৈছে।
বিজয়ৰ ৰাজনৈতিক দল টিভিয়ে এই বছৰৰ বিধানসভা নিৰ্বাচনত তামিলনাডুত যুঁজ আৰম্ভ কৰিছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শনিবাৰে মামাল্লাপুৰত অনুষ্ঠিত এক অনুষ্ঠানত বিজয় উপস্থিত আছিল। তাত বক্তব্য ৰাখি তেওঁ কয় যে তেওঁ ৰাজ্যখনৰ মহিলাৰ উন্নয়ন আৰু সবলীকৰণৰ বাবে কাম কৰিব।
যদি তেওঁৰ দল ক্ষমতালৈ আহে তেন্তে তেওঁৰ চৰকাৰে ৬০ বছৰৰ অধিক বয়সৰ মহিলাক প্ৰতি মাহে ২,৫০০ টকাকৈ প্ৰদান কৰিব। ইয়াৰ উপৰিও, ‘অন্নপূৰ্ণী চুপাৰ ৬’ নামৰ প্ৰকল্পৰ জৰিয়তে প্ৰতিটো পৰিয়ালক এবছৰত ছয়টা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। উদ্দেশ্য হ’ব পৰিয়ালৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰা।










