
নতুন দিল্লীয়ে (New Delhi) ইৰাণৰ জাহাজ IRIS Lavanক কোচি বন্দৰ (Kochi Port)ত লংগৰ পেলাবলৈ অনুমতি (Permission to drop the ship’s anchor) দিছে। পশ্চিম এছিয়াত যুদ্ধৰ প্ৰেক্ষাপটত ভাৰতৰ এই সিদ্ধান্তক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। এইবাৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে (S. Jayshankar) এই সন্দৰ্ভত মুখ খুলি কৈছে যে ইৰাণৰ জাহাজখনক কোচি বন্দৰত লংগৰ পেলাবলৈ দি ভাৰতে কোনো ভুল কৰা নাই। মানৱীয় কাৰণত উদ্ভৱ হোৱা কাৰিকৰী সমস্যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। আনহাতে, নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফথালীয়ে এই সিদ্ধান্তৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰি কয়, “আমি আশা কৰিছো যে ভৱিষ্যতে নতুন দিল্লী আৰু তেহৰাণৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব।”
দিল্লীত অনুষ্ঠিত ৰাইচিনা সন্মিলন ২০২৬ত ভাষণ দি জয়শংকৰে আই আৰ আই এছ লাভান সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰে। সংবাদ সংস্থা এ এন আইৰ মতে, এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, “আমি পৰিস্থিতি মানৱীয় দৃষ্টিকোণৰ পৰা চাইছো। আইনী বিষয়সমূহ বিবেচনা নকৰাকৈয়ে বিষয়টো চোৱা হৈছে। মই ভাবো আমি সঠিক কাম কৰিলোঁ।’’

জয়শংকৰে বুজাই দিয়ে যে কেনেকৈ ইৰাণৰ জাহাজখনে কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিল আৰু ভাৰতীয় বন্দৰত লংগৰ পেলাবলৈ অনুমতি বিচাৰিছিল। তেওঁ কয়, “ইৰাণৰ পৰা ভাৰতে এটা বাৰ্তা পাইছিল। ভাৰত জলসীমাৰ অতি ওচৰত ইৰাণৰ এখন জাহাজে সমস্যাৰ সন্মুখীন হোৱা বুলি কোৱা হৈছিল। জাহাজখনক ভাৰতীয় বন্দৰত প্ৰৱেশ কৰিবলৈ দিয়া উচিত। ১ মাৰ্চত অনুমতি প্ৰদান কৰা হৈছিল। কিছুদিন পিছত জাহাজখন কোচি বন্দৰত উপস্থিত হৈছিল।” জয়শংকৰৰ মতে, জাহাজবোৰ ইয়ালৈ ওলাই আহি উপস্থিত হোৱাৰ সময়ত পৰিস্থিতি বেলেগ আছিল।
বুধবাৰে পুৱা ভাৰত মহাসাগৰত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ যুদ্ধ জাহাজ ‘ডেনা’ক আক্ৰমণ কৰে। টৰ্পিডো নিক্ষেপ কৰি ইৰাণৰ যুদ্ধজাহাজখন ধ্বংস কৰে। ভাৰতীয় নৌসেনাৰ আমন্ত্ৰণত বিশাখাপট্টনমত এক অনুশীলনত অংশ ল’বলৈ ডেনা নিৰস্ত্ৰ অৱস্থাত গৈছিল। কিছুদিন পূৰ্বে ভাৰতে জৰুৰীকালীন অৱস্থাত কোচিত আন এখন ইৰাণৰ যুদ্ধ জাহাজ লংগৰ পেলাবলৈ অনুমতি দিছিল। কাৰিকৰী ত্ৰুটিৰ বাবে অনুমতি দিয়া হৈছিল।











