
গুজৰাটৰ চুৰাট (Surat of Gujarat)ৰ স্বামীনাৰায়ণ মন্দিৰ চৌহদ (Swaminarayan Temple Campus)ত উদ্ধাৰ হৈছে দুগৰাকী যুৱতীৰ মৃতদেহ (Dead bodies of two young women)। শুকুৰবাৰে পুৱা মহাবিদ্যালয়ৰ পৰা ওলাই আহিছিল দুয়ো। তেতিয়াৰে পৰাই তেওঁলোক নিৰুদ্দেশ হৈ আছিল। যুৱতী দুগৰাকীৰ পৰিয়ালে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়েহে অৱশেষত আৰক্ষীৰ কাষ চাপে।
আৰক্ষীয়ে তদন্তৰ অন্তত যুৱতী দুগৰাকীৰ মোবাইল ফোনৰ অন্তিম স্থান চিনাক্ত কৰে। তাত স্বামীনাৰায়ণ মন্দিৰ দেখুৱায়। আৰক্ষী আৰু পৰিয়ালৰ লোক তালৈ গৈ দেখে যে যুৱতী দুগৰাকীৰ স্কুটাৰ মন্দিৰৰ বাহিৰত ৰখাই থোৱা আছে। প্ৰথম অৱস্থাত যুৱতী দুগৰাকী মন্দিৰতে আছে বুলি ভবা হৈছিল।

কিন্তু তালাচী চলোৱাৰ পিছতো তেওঁলোক পোৱা নগ’ল। শনিবাৰেও মন্দিৰ চৌহদত তালাচী চলোৱা হয়। ইয়াৰ পিছতে মন্দিৰ চৌহদৰ এটা শৌচাগাৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে যুৱতী দুগৰাকীৰ মৃতদেহ।
আৰক্ষীয়ে জনোৱা মতে, যুৱতী দুগৰাকীৰ মৃতদেহৰ পৰা চিৰিঞ্জ উদ্ধাৰ কৰা হৈছে। ড্ৰাগছৰ তিনিটা চিচি উদ্ধাৰ (Seizure of three types of drugs) হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে তেওঁলোকৰ শৰীৰত ড্ৰাগছৰ বেজী দিয়াৰ সন্দেহ কৰে। অত্যধিক ড্ৰাগছ সেৱনৰ বাবে যুৱতী দুগৰাকীৰ মৃত্যু হ’ব পাৰে। কিন্তু যেতিয়া তেওঁলোকৰ ফোনত চাৰ্চ কৰা হয় তেতিয়া দেখা গ’ল যে এ আইৰ সহায়ত ‘কেনেকৈ সহজে মৰিব পাৰি’ বুলি চাৰ্চ কৰা হৈছিল। তাৰ পৰাই যুৱতী দুগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। কিন্তু আত্মহত্যাৰ কাৰণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।











