
এজন শিক্ষকে সামান্য ছাত্ৰ এজনক গালি-গালাজ (Scolding the student) কৰে। যাৰবাবে ভৰ্তি শ্ৰেণীকোঠাত তেওঁ চৰম লাজ অনুভৱ কৰে। ইয়াৰ পিছতে ছাত্ৰজনে ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শিক্ষকজনক প্ৰহাৰ (Student attacked the teacher) কৰাৰ অভিযোগ। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশ (Andhra Pradesh)ত। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ কৃষ্ণ জিলা (Krishna Dist.)ত। বাপুলাপাৰু মণ্ডলৰ বীৰাৱলী জিলা পৰিষদ হাইস্কুলৰ চৌহদত নিৰ্যাতনৰ বলি হ’ল এগৰাকী শিক্ষক। দশম শ্ৰেণীৰ এজন ছাত্ৰই বিদ্যালয় চৌহদতে শিক্ষকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সমগ্ৰ জিলাতে বিয়পি পৰিছে।

জানিব পৰা মতে, ঘটনা সংঘটিত হোৱাৰ দিনা শিক্ষকজনে ছাত্ৰজনক কিবা এটা বিষয়ত সামান্য গালি পাৰিছিল। ইয়াৰ ফলত শিক্ষক আৰু ছাত্ৰজনৰ মাজত বিবাদ আৰম্ভ হয়। কাজিয়াৰ সময়ত দশম শ্ৰেণীৰ ছাত্ৰজনে শিক্ষকজনক ঘোচা মাৰে। তেওঁৰ বুকুত ঘোচা দিয়া দেখা গৈছে ভিডিঅ’ত। ইফালে শিক্ষকজনক চকুৰ সন্মুখতে অপমান কৰা দেখি স্তম্ভিত হৈ পৰে বিদ্যালয়খনৰ আন শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।
এই ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনা দেখি ছ’চিয়েল মিডিয়াত গৰিহণাৰ ধুমুহা সৃষ্টি হৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত ছাত্ৰজনে কয় যে শিক্ষকজনে তেওঁক অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল। আনকি মাকক ধৰি কুৎসিত মন্তব্যও কৰিছিল। তাৰ পাছত খঙত প্ৰহাৰ কৰে। এই মন্তব্যক কেন্দ্ৰ কৰি উত্তেজনা আৰু বৃদ্ধি পায়।
বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে আৰক্ষী আৰু জিলা শিক্ষা বিভাগৰ বিষয়াক ততাতৈয়াকৈ অৱগত কৰে। আৰক্ষীয়ে ছাত্ৰজনক থানালৈ মাতি আনি বিভিন্ন পৰামৰ্শ দিয়ে। যিহেতু তেওঁ এতিয়াও নাবালক, কিছু জেৰাৰ অন্তত তেওঁক মুকলি কৰি দিয়া হয়। কিন্তু শিক্ষা বিভাগে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।











