
কাটাৰত আমেৰিকাৰ শক্তিশালী ৰাডাৰ ব্যৱস্থা FPS 132 ধ্বংস কৰাৰ পিছত এইবাৰ ইৰাণে জৰ্ডানৰ অধিক শক্তিশালী ‘THAD’ (Terminal High Altitude Area Defense) ৰাডাৰ ব্যৱস্থাও ধ্বংস কৰাৰ দাবী কৰিছে।

৩০ কোটি ডলাৰ ব্যয়ৰে নিৰ্মিত এই ৰাডাৰ ব্যৱস্থাটো আমেৰিকাই জৰ্ডানৰ মু’আফ্ফাক ছালটি সামৰিক ঘাটিত স্থাপন কৰিছিল। ইৰাণে এই অত্যাধুনিক ৰাডাৰ ব্যৱস্থা ধ্বংস কৰি আমেৰিকাক সকীয়াই দিছে।
জৰ্ডানৰ এই আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে তীব্ৰ আক্ৰমণ চলায়।
ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ৰাডাৰ ব্যৱস্থাক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছে। কেৱল সেয়াই নহয়, জৰ্ডানৰ বাহিৰেও সংযুক্ত আৰব আমিৰশ্বাহী আৰু চৌদি আৰবত থকা আমেৰিকান সামৰিক ঘাটিসমূহৰ ৰাডাৰ ব্যৱস্থাক লক্ষ্য কৰি লোৱা হৈছে ।
ইৰাণৰ পৰা ৮০০ কিলোমিটাৰ দূৰত্বত জৰ্ডানত আছে আমেৰিকান সামৰিক ঘাটি। এই সামৰিক ঘাটিটো পশ্চিম এছিয়াৰ অন্যতম বৃহৎ আমেৰিকান সামৰিক ঘাটি। উপগ্ৰহৰ ছবিত এই সামৰিক ঘাটিটোৰ ‘THAAD’ ৰাডাৰ ব্যৱস্থাৰ ওচৰত দুটা বিশাল গাঁত ধৰা পৰিছে।
উপগ্ৰহৰ ছবিৰ কথা উল্লেখ কৰি সংবাদ মাধ্যম চি এন এনে পূৰ্বে দাবী কৰিছিল যে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত আৰ টি এক্স কোৰ এএন/ট্ৰাইৱাই-২ ৰাডাৰ ব্যৱস্থা ধ্বংস হৈছিল। অৱশ্যে এই কথা প্ৰথম অৱস্থাত আমেৰিকান পক্ষই স্বীকাৰ কৰা নাছিল। কিন্তু আমেৰিকা প্ৰশাসনৰ এক সূত্ৰই স্বীকাৰ কৰিছে যে ৰাডাৰ ব্যৱস্থা ধ্বংস হৈছে।
‘THAAD’ৰ সম্পূৰ্ণ নাম হৈছে ‘Tarminal High Altitude Area Defence’ (হাই এলটিটুড এৰিয়া ডিফেন্স)। এই বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো বায়ুমণ্ডলৰ পৰা মহাকাশলৈ যোৱা ক্ষেপণাস্ত্ৰসমূহ ৰোধ কৰিবলৈ নিয়োগ কৰা হৈছিল। অৰ্থাৎ আমেৰিকাই ৩০ কোটি ডলাৰ ব্যয় কৰি এই প্ৰতিৰক্ষা ব্যৱস্থাটো নিৰ্মাণ কৰিছিল ‘মহাকাশ ক্ষেপণাস্ত্ৰ’ নিৰীক্ষণৰ বাবে।
চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেচনেল ষ্টাডিজৰ তথ্য অনুসৰি, আমেৰিকাত দক্ষিণ কোৰিয়া আৰু গুৱামত নিয়োজিত ৰাডাৰকে ধৰি মুঠ আঠটা এনে THAAD ৰাডাৰ ব্যৱস্থা আছে।
এই প্ৰতিৰক্ষা ব্যৱস্থাই বেলিষ্টিক মিছাইল এটা লক্ষ্যত আঘাত কৰাৰ আগতেই ধ্বংস কৰে।
অৱশ্যে এই প্ৰতিৰক্ষা ব্যৱস্থাত কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী নাথাকে। ই শত্ৰুৰ ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰিবলৈ গতিশক্তিৰ ব্যৱহাৰ কৰে। এই প্ৰতিৰক্ষা ব্যৱস্থাত আছে এক অতি উন্নত ৰাডাৰ, যিয়ে ১০০০ কিলোমিটাৰ দূৰত্বৰ পৰা মিছাইল ধৰা পেলাব পাৰে বা ড্ৰোন আক্ৰমণ কৰিব পাৰে। এই প্ৰতিৰক্ষা ব্যৱস্থাৰ নিৰ্মাতা হৈছে লকহিড মাৰ্টিন।
এই প্ৰতিৰক্ষা ব্যৱস্থা দক্ষিণ কোৰিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, ইজৰাইল, জৰ্ডান আৰু চৌদি আৰবত নিয়োজিত। ইয়াৰ ভিতৰত ইৰাণে জৰ্ডানৰ প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস হোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে আমেৰিকাই ফেব্ৰুৱাৰী মাহত জৰ্ডানত এই ৰাডাৰ ব্যৱস্থাটো নিয়োগ কৰিছিল।











