
অন্ধ্ৰপ্ৰদেশ চৰকাৰে দুটা বা তাতকৈ অধিক সন্তান জন্ম দিয়া দম্পতীক ২৫ হাজাৰ টকা দিব। এই নতুন আঁচনিৰ জৰিয়তে ৰাজ্যত জন্মৰ হাৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই মাহতে ঘোষণা হ’ব পাৰে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu) বৃহস্পতিবাৰে এই ইংগিত দিয়ে।

জন্মৰ হাৰ হ্ৰাস পোৱাটো কেইবাখনো ৰাজ্যৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কেৱল ভাৰতেই নহয়, আন বহু দেশো এই সমস্যাত ভুগি আছে।
বৃহস্পতিবাৰে ৰাজ্যিক বিধানসভাত ভাষণ দি চন্দ্ৰবাবুৱে জন্মৰ হাৰৰ সমস্যা উত্থাপন কৰে। তেওঁ কয় যে বৰ্তমান অন্ধ্ৰপ্ৰদেশত জন্মৰ হাৰ (Total Fertility Rate বা TFR) ১.৫ শতাংশ। ই প্ৰতিস্থাপন স্তৰৰ তলত। তেওঁৰ চৰকাৰে অনাগত দিনত এই হাৰ ২.১ শতাংশলৈ বৃদ্ধি কৰিব বিচাৰিছে। সেই অনুসৰি, নতুন আঁচনিৰ পৰিকল্পনা কৰা হৈছে।
অন্ধ্রৰ মুখ্যমন্ত্রী সোণোৱালে কয়, “আমি এটা নতুন পদ্ধতিৰ কথা চিন্তা কৰিছো, যদি কোনো দম্পতীয়ে দুটা বা তাতকৈ অধিক সন্তান জন্ম দিয়ে, তেন্তে আমি তেওঁলোকক ২৫ হাজাৰ টকা দিম। এই ধন জন্মৰ ঠিক সময়তেই দিয়া হ’ব৷ এই আঁচনিখনে পৰিস্থিতি সলনি কৰিবলৈ গৈ আছে৷ আমি যদি এই কাম কৰিব পাৰো তেন্তে ই অতি ফলপ্ৰসূ হ’ব৷”
চন্দ্ৰবাবু নাইডুৱে জনসংখ্যা নিয়ন্ত্ৰণৰ সন্দৰ্ভত বিধানসভাত সঠিক পৰিকল্পনা আৰু পৰিচালনাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে কেৱল অন্ধ্ৰপ্ৰদেশেই নহয়, কেইবাখনো দেশেই এতিয়া এই সমস্যাৰ সন্মুখীন হৈছে। জনসংখ্যাৰ গড় বয়স বাঢ়িছে। এই সমস্যাৰ তৎকালীন সমাধানৰ প্ৰয়োজন। মন কৰিবলগীয়া যে জনসংখ্যাৰ গড় বয়স বৃদ্ধি হ’লে সংশ্লিষ্ট অঞ্চলৰ কৰ্মক্ষমতা আৰু উৎপাদন হ্ৰাস পায়।
ইয়াৰ ফলত সামগ্ৰিক অগ্ৰগতিৰ প্ৰভাৱ পৰে। সেইবাবেই অন্ধ্ৰপ্ৰদেশ চৰকাৰে জন্মৰ হাৰ বৃদ্ধিৰ বাবে উদ্যোগ লৈছে। চন্দ্ৰবাবুৱে কয় যে চলিত মাহৰ শেষৰ ফালে তেওঁৰ চৰকাৰে এই নতুন প্ৰকল্প ঘোষণা কৰিব পাৰে। এপ্ৰিল মাহৰ পৰা আৰম্ভও হ’ব পাৰে।










