
শিশুৰ ছ’চিয়েল মিডিয়া (Social Media) ব্যৱহাৰ নিষিদ্ধ কৰা প্ৰথমখন ৰাজ্য হ’ব ওলাইছে কৰ্ণাটক। শুকুৰবাৰে ৰাজ্যৰ বাজেট দাখিল কৰি মুখ্যমন্ত্ৰী চিদ্দাৰমাইয়াই এই ইংগিত দিয়ে। অতি শীঘ্ৰে ৰাজ্যখনত ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। চিদ্দাৰমাইয়াই কয় যে শিশুৰ ওপৰত মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ প্ৰভাৱ কমোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

অত্যধিক মোবাইলৰ আসক্তিয়ে শিশু আৰু কিশোৰ-কিশোৰীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। মনোবিজ্ঞানীসকলো ইয়াক লৈ চিন্তিত। তেওঁলোকে কয় যে ঘণ্টাৰ পিছত ঘণ্টা স্ক্ৰীনৰ ফালে চাই থকাৰ বাবে শিশুৱে অধ্যয়নত মনোনিৱেশ কৰাৰ প্ৰবণতা কমিছে।
তেওঁলোকৰ আচৰণ সলনি হৈ আছে আৰু বিভিন্ন মানসিক সমস্যাৰ সৃষ্টি হৈছে। কৰ্ণাটক চৰকাৰৰ মতে এয়া এক অতি গুৰুতৰ সামাজিক সমস্যা। মোবাইলৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ আসক্তিৰ সৃষ্টি কৰিছে।
ইয়াৰ ফলত তেওঁলোকে বিভিন্ন ক্ষতিকাৰক বিষয়বস্তুৰ সন্মুখীন হয় আৰু তেওঁলোকৰ শৈশৱ আৰু কৈশোৰ কালৰ পৰিৱৰ্তন ঘটে। শুকুৰবাৰে বাজেট দাখিল কৰাৰ পিছত চিদ্দাৰমাইয়াই কয়, “শিশুৰ ওপৰত অত্যধিক মোবাইল ব্যৱহাৰৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা হ’ব।”
শিশুৰ ওপৰত ছ’চিয়েল মিডিয়া আৰু মোবাইল ফোনৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত দেওবাৰে ৰাজ্যৰ চৰকাৰী বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সৈতে আলোচনাত মিলিত হয় চিদ্দাৰমাইয়াই। চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত উপাচাৰ্যসকলৰ মতামত শুনে। ইয়াৰ পিছতহে তেওঁ সিদ্ধান্তটো চূড়ান্ত কৰে।
সূত্ৰ অনুসৰি, শিক্ষানুষ্ঠানসমূহত এনে নিষেধাজ্ঞা কেনেদৰে কাৰ্যকৰী কৰিব পাৰি তাৰ মূল্যায়নৰ বাবে চৰকাৰে উপাচাৰ্যসকলৰ মতামত বিচাৰিছে। শুকুৰবাৰে ৰাজ্যৰ বাজেটত ৪ লাখ ৪৮ হাজাৰ কোটি টকা আবণ্টন দিয়ে চিদ্দাৰমাইয়াই। বৰ্তমান ভাৰতৰ কোনো ৰাজ্যতে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত বয়সৰ কোনো নিষেধাজ্ঞা নাই।
অৱশ্যে কৰ্ণাটকৰ সমান্তৰালকৈ গোৱা আৰু অন্ধ্ৰপ্ৰদেশেও একে পথেই অনুসৰণ কৰিব পাৰে। ৰাজ্যখনৰ চৰকাৰে এই কথা চিন্তা কৰি আছে। ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ হ’ব পাৰে। কৰ্ণাটকেই প্ৰথমে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে।
আনকি কেন্দ্ৰীয় চৰকাৰেও এই বিষয়ে চিন্তা কৰিছে। কেন্দ্রীয় তথ্য-প্রযুক্তি আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে বয়সভিত্তিক নিষেধাজ্ঞা সন্দর্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে আলোচনা চলি আছে৷ অষ্ট্ৰেলিয়া, ফ্ৰান্সৰ দৰে কিছুমান দেশত এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে।










