
ৰাছিয়াই ভাৰতলৈ খাৰুৱা তেল (India Russia Ties) ৰপ্তানিৰ সবিশেষ প্ৰকাশ নকৰে বুলি শুকুৰবাৰে ক্ৰেমলিনে প্ৰকাশ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে এক বিবৃতিত কয়, “আমি ইয়াক (তেল ৰপ্তানি) অশুভকাংক্ষীসকলৰ পৰা গোপনে কৰি ৰাখিম।”

শুকুৰবাৰে পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ বাবে ভাৰতক ৰাছিয়াৰ তেল ক্ৰয়ৰ পৰা ৩০ দিনৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে।
আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে এই ঘোষণা কৰি কয়, “কিন্তু আমাৰ এটা চৰ্ত আছে- এই ৰেহাই কেৱল তেল টেংকাৰ বা সাগৰত আবদ্ধ হৈ থকা জাহাজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।” বেছাণ্টৰ এই ঘোষণাৰ কিছু ঘণ্টাৰ ভিতৰতে ক্ৰেমলিনৰ মুখপাত্ৰ পেস্কোভে ঘোষণা কৰে যে ভাৰতক তেল ৰপ্তানিৰ হিচাপ দিয়া নহ’ব।
বৃহস্পতিবাৰে কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, মস্কোৱে সপ্তাহত ২ কোটি ২০ লাখ বেৰেল খাৰুৱা তেল যোগান ধৰিবলৈ সক্ষম। সংবাদমেলত এক প্ৰশ্নৰ উত্তৰত পেস্কোভে এই মন্তব্য কৰে।
বৃহস্পতিবাৰে ৰাছিয়াৰ চৰকাৰী টিভিতো এটা চেটেলাইট ছবি প্ৰকাশ কৰা হয়। ইয়াত দেখা গৈছে যে আৰব সাগৰৰ পৰা বংগ উপসাগৰলৈ ভাৰতৰ পূব উপকূলৰ তেল শোধনাগাৰৰ দিশে যোৱা কেইবাখনো টেংকাৰ। ইয়াৰ পিছতে ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে কয়, “আমি ভাৰত আৰু চীনলৈ খাৰুৱা তেলৰ যোগান বৃদ্ধি কৰিবলৈ সাজু।
যুদ্ধৰ পৰিস্থিতিত ইৰাণৰ ভাবুকিৰ বাবে হৰমুজ প্ৰণালীৰ মাজেৰে তেল পৰিবহণ প্ৰায় বন্ধ হৈ গৈছে, যাৰ ফলত পেট্ৰ’লিয়াম সামগ্ৰী আমদানি কৰা দেশসমূহৰ ওপৰত হেঁচা পৰিছে। সেয়েহে তেওঁ কয় যে ৰাছিয়াই ভাৰতলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে। কাৰণ ভাৰতে ইয়াৰ প্ৰায় ৪০ শতাংশ তেল আমদানি কৰে।
উল্লেখ্য যে আমেৰিকাৰ বিশ্বাস যে তেল বিক্ৰীৰ ধন ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰিছে। সেয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত মস্কোৰ পৰা তেল আমদানি বৃদ্ধি কৰাৰ বাবে হোৱাইট হাউছে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল।
এই কাৰণতে ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্কও আৰোপ কৰিছিল। পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰা বন্ধ কৰি দিছে। এই যুক্তিৰ ওপৰত তেওঁ ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্কও প্ৰত্যাহাৰ কৰে।
অৱশ্যে নতুন দিল্লীয়ে এই বিষয়ত আনুষ্ঠানিকভাৱে একো কোৱা নাই। বৰঞ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে এই বিষয়ত নিজৰ স্থিতি ইতিমধ্যে ব্যাখ্যা কৰি ভাৰতৰ বাণিজ্য নীতিৰ মূল নিৰ্ণায়ক ৰাষ্ট্ৰীয় স্বাৰ্থ বুলি কৈছে। তেল ক্ৰয়ৰ ক্ষেত্ৰত একাধিক উৎস ৰক্ষা কৰা হ’ব। কোনো এখন দেশৰ পৰা তেল ক্ৰয় কৰিবলৈ নতুন দিল্লীৰ কোনো বাধ্যবাধকতা নাই।











