![]()
বহী-কলমৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ বাবে স্মাৰ্টফোন বা টেবলেট কৰোনা মহামাৰীৰ সময়ত অপৰিহাৰ্য হৈ পৰিছিল। দিন বাগৰাৰ লগে লগে ডিজিটেল জগতখনত দিকনিৰ্ণয় কৰাটো অধিক কঠিন হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰই এইবাৰৰ বাজেট (Budget)ত এক নতুন ঘোষণা (New announcement) কৰিছে। দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কেন্দ্ৰই দেশৰ ১৫ হাজাৰ বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত কণ্টেণ্ট ক্ৰিয়েটৰ (Create content) লেব স্থাপন (Install label) কৰিব। এই পদক্ষেপ যাতে কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলে সৰুৰে পৰাই ডিজিটেল জগতত সৃষ্টিশীল কাম কৰিবলৈ সাজু হ’ব পাৰে তাৰবাবে গ্ৰহণ কৰা হৈছে।
অৱশ্যে এই প্ৰজেক্টটো জনপ্ৰিয় কণ্টেণ্টৰ সৃষ্টিকৰ্তা বা ইউটিউবাৰৰ বাবে নহয়। দেওবাৰে বাজেট ঘোষণা কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক্স (এ ভি জি চি) (AVGC) খণ্ড আৰু অধিক সম্প্ৰসাৰণ কৰা হ’ব। ইয়াৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তত্ত্বাৱধানত ১৫ হাজাৰ মাধ্যমিক বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত কণ্টেণ্ট ক্ৰিয়েটৰ লেব স্থাপন কৰা হ’ব। এই লেবসমূহে ছাত্ৰ-ছাত্ৰীসকলক কণ্টেণ্ট ক্ৰিয়েচনৰ পৰম্পৰাগত প্ৰশিক্ষণ প্ৰদান কৰিব। ডিজিটেল মাধ্যমৰ জৰিয়তে তেওঁলোকক কাহিনী কোৱাত সহায় কৰিব। গেমিং এপ ডিজাইন কৰিবলৈ আগ্ৰহী বা ভিজুৱেল ইফেক্টৰ সৈতে কাম কৰিব বিচৰাসকলকো প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ দ্বাৰা শিক্ষাৰ সমান্তৰালকৈ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণৰ নতুন পথ মুকলি হ’ব বুলি মোদী চৰকাৰৰ বিশ্বাস। কৰ্মসংস্থাপনত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে বিষয়ত গুৰুত্ব দিব পাৰিব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ মতে, “ভাৰতৰ এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক্স খণ্ড এটি ক্ৰমবৰ্ধমান শিল্প। যিটোৰ বাবে ২০৩০ চনৰ ভিতৰত ২ লাখ পেছাদাৰী ব্যক্তিৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰা হৈছে।” তেওঁ কয় যে কেন্দ্ৰীয় বাজেটত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ ৪৫৫১.৯৪ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে যথেষ্ট পৰিমাণৰ ধন চৰকাৰী সংবাদ মাধ্যম নিয়ন্ত্ৰণ সংস্থা প্ৰসাৰ ভাৰতীৰ বাবে আবণ্টন দিয়া হৈছে।
এ ভি জি চি খণ্ডত প্ৰতিভা বিকাশৰ বাবে ২৫০ কোটি টকা আবণ্টন দিয়া হৈছে। এ ভি জি চি খণ্ডত কেন্দ্ৰৰ ঘোষণাক আদৰণি জনাইছে গেম ডেভেলপাৰ্ছ এছোচিয়েচন অব ইণ্ডিয়াই। জি ডি এ আই বোৰ্ডৰ সদস্য মনীষ আগৰৱালাই কয়, “এয়া নিঃসন্দেহে এক যুগান্তকাৰী পদক্ষেপ। ইয়াৰ দ্বাৰা সমগ্ৰ দেশতে গেমিং, এ ভি জি চি-এক্স আৰ আৰু ইণ্টাৰেক্টিভ মিডিয়া খণ্ডৰ বিকাশ ত্বৰান্বিত হ’ব।”













