![]()
ইন্দোৰত ভিক্ষাৰী (Beggar in Indore) উচ্ছেদ অভিযান চলাইছে মধ্যপ্ৰদেশ চৰকাৰে। এই অভিযানৰ সময়ত মংগিলাল (Mangilal) নামৰ এজন ভিক্ষাৰীৰ সন্ধান ওলাইছে, যিয়ে ভিক্ষা কৰি কোটি কোটি টকা সঞ্চয় কৰিছে। চৰকাৰে জানিব পাৰিছে যে ইন্দোৰ চহৰৰ বিভিন্ন প্ৰান্তত মংগীলালৰ তিনিটা পকীঘৰ আছে। আনকি তেওঁ আৰ্তজনকো ঋণ দিয়ে। ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে চিনাক্ত কৰিছে মংগীলালক। তেতিয়াৰে পৰাই এই ভিক্ষাৰীজন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মধ্যপ্ৰদেশ চৰকাৰ (MP Govt.) আৰু ৰেড ক্ৰছৰ যৌথ পদক্ষেপৰ অংশ হিচাপে ভিক্ষাৰী মংগীলাল ওৱান বি এইচ কে ফ্লেটৰ হিতাধিকাৰীও। অৱশ্যে তেওঁ ভিক্ষা খোজা বন্ধ কৰা নাই। মংগীলালে কাঠৰ কাৰ্ড ব্যৱহাৰ কৰি নিয়মিতভাৱে ইন্দোৰৰ ৰাজপথত ভিক্ষা কৰে।

মঙ্গীলালৰ তিনিখন অটোও আছে বুলি জানিব পৰা গৈছে। অটোকেইখন তেওঁ ভাড়াত দিয়ে। তেওঁৰ এখন মাৰুতি চুজুকি ডিজায়াৰ গাড়ীও আছে। এই গাড়ীখন তেওঁ ভাড়াৰ কামত ব্যৱহাৰ কৰে। তেওঁৰ আৱাসিক সম্পত্তিৰ ভিতৰত ভগত সিং নগৰ, শিৱনগৰ আৰু ইন্দোৰৰ আলৱাছত তিনিটা তিনিমহলীয়া ঘৰ আছে। গাড়ী আৰু অটো ভাড়া দিয়াৰ উপৰি মংগীলালে ইন্দোৰৰ সৰফা বজাৰ অঞ্চলৰ লোকক সুতত ঋণ দিও ধন উপাৰ্জন কৰে। তেওঁ নিয়মিতভাৱে সৰফালৈ গৈ মানুহৰ পৰা ৪০০-৫০০ টকা সংগ্ৰহ কৰে, যাৰ ফলত তেওঁ তাত এক পৰিচিত মুখ হৈ পৰিছে।
মংগিলালক চিনাক্ত কৰাৰ পাছত জিলা ন’ডেল বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ভিক্ষাৰীজনৰ বিৰুদ্ধে কেইবাজনো লোকে ৰাজ্য প্রশাসনক অভিযোগ দাখিল কৰিছে৷ ফলত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ এটা দলে তেওঁক চিনাক্ত কৰে।
ইফালে, জিলা কাৰ্যসূচী বিষয়া ৰাজীশ সিনহাই কয় যে ৰাজ্য প্ৰশাসনে ভিক্ষাৰীক নিৰ্মূল কৰাৰ বাবে কঠোৰ অভিযান অব্যাহত ৰাখিব। ভিক্ষা খুজিবলৈ উৎসাহিত কৰা বা নিয়োজিত হোৱাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।









