
ছত্তীশগড় (Chhattisgarh)ৰ সুকমাত আত্মসমৰ্পণ (Surrender in Sukma) ২৬ মাওবাদীৰ (26 Maoists)। ইয়াৰে ১৩ জনৰ মূৰৰ মুঠ দাম আছিল ৬৫ লাখ টকা। আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে সাতগৰাকী মহিলা। বুধবাৰে সুকমা জিলাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বিষয়াৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰে।
আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত মাওবাদী সশস্ত্ৰ গেৰিলা গোটৰ সক্ৰিয় সদস্যও আছে। ইয়াৰ উপৰি মাওবাদীৰ দক্ষিণ বস্তাৰ সংমণ্ডল আৰু অন্ধ্ৰ-ওড়িশা সীমান্ত সংমণ্ডলৰ সদস্যও আছে। ছত্তীশগড়ৰ সুকমা, আবুঝমাৰ আৰু ওড়িশা সীমান্তৱৰ্তী অঞ্চলত আত্মসমৰ্পণ কৰা লোকসকল বিভিন্ন মাওবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ থকা বুলি জানিবলৈ দিয়ে।

সূত্ৰ অনুসৰি, আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত মাওবাদী নেতা লালী ওৰফে মুচাকি আয়তে লখমুও আছে। ২০১৭ চনত ওড়িশাৰ কোৰাপুটত সংঘটিত আই ই ডি বিস্ফোৰণত তেওঁ জড়িত আছিল। উক্ত আক্ৰমণত ১৪ জন নিৰাপত্তাৰক্ষী নিহত হৈছিল। লালীৰ মূৰৰ মূল্য আছিল ১০ লাখ টকা। ইয়াৰ উপৰি আন চাৰিজন আত্মসমৰ্পণ কৰা মাওবাদীৰ মূৰৰ মূল্য আছিল ৮ লাখ টকা। তাৰ ভিতৰত আছে মেহলা লখমা। ২০২০ চনত সুকমাত মাওবাদীৰ আক্ৰমণত ১৭ জন নিৰাপত্তাৰক্ষী নিহত হোৱা আক্ৰমণত লখমা জড়িত আছিল।
বস্তাৰ সংমণ্ডলত আত্মসমৰ্পণ কৰা মাওবাদীৰ পুনৰ সংস্থাপনৰ বাবে আৰক্ষী আৰু চৰকাৰে ‘লোন ভাৰতু’ আৰু ‘পুনা মাৰ্গেম’ কাৰ্যসূচী আৰম্ভ কৰিছে। ফলত শেহতীয়া কালত মাওবাদীৰ অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ ঘূৰি অহাৰ প্ৰৱণতা বাঢ়িছে। বুধবাৰে আৰক্ষী অধীক্ষকে কয় যে এই ২৬ জন মাওবাদীকো ‘পুনা মাৰ্গেম’ কাৰ্যসূচীৰ অধীনত পুনৰ সংস্থাপন কৰা হ’ব। ইয়াৰ উপৰি আত্মসমৰ্পণ কৰা প্ৰতিজনকে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় চৰকাৰে ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে সোঁৱৰাই দিছে। কিছুদিন পূৰ্বে মাওবাদী নেতা বৰছে দেৱা ওৰফে বৰছে সুক্কা ওৰফে দৰ্শনে তেলেংগানাত আত্মসমৰ্পণ কৰে। তেওঁ নিহত মাওবাদী নেতা মদৱী হিদমাৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।











