ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্বৰ দ্রুতবেগী মানৱ কোন? উত্তৰ অৱশ্যেই উছেইন বল্ট। ৰ’ব, যদি সেই বুলি ভাবিছে ভুল ভাবিছে। উত্তৰটো কৰ্ণাটকৰ মুদাবিদৰি নামৰ এক প্ৰান্তীয় গাঁৱৰ ল’ৰা শ্রীনিবাস গৌড়া!
অবাক হৈছেতো! ২৮ বছৰীয়া যুৱক শ্রীনিবাস নিজেও অবাক হৈছিল, যেতিয়া জানিব পাৰে তেওঁ উছেইন বল্টৰ ৰেকৰ্ডো ভাঙি পেলাইছে। শ্রীনিবাসৰ এই সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে অবাক হৈছে সমগ্ৰ ভাৰত।
উল্লেখ্য যে শ্রীনিবাস গৌড়াই কোনো বিশ্ব প্রতিযোগিতাত দৌৰি এই সাফল্য পোৱা নাই যদিও তেওঁ বোকামাটিত, খালি ভৰিৰে দৌৰি এই ৰেকর্ড গঢ়িছে। কৰ্ণাটকৰ কাম্বালা উৎসৱত তেওঁৰ পোহনীয়া ম’হৰ সৈতে দৌৰি এই ৰেকর্ড কৰে তেওঁ।

তামিলনাডুৰ জাল্লিকাট্টুৰ দৰে কাম্বালা উৎসৱৰ কেন্দ্রবিন্দুত আছে ম’হ। নৱেম্বৰ আৰু মার্চ মাহৰ ভিতৰত কৃষিশস্যৰ ভিতৰেদিয়ে ম’হক দৌৰোৱা উৎসৱ এই কাম্বালা। ইয়াৰ লগে লগে দৌৰে ম’হৰ গৰাকীও৷ বৃহস্পতিবাৰে পোহনীয়া ম’হৰ সৈতে ১৪২.৫ মিটাৰ মাত্র ১৩.৬২ ছেকেণ্ডত পাৰ কৰে শ্রীনিবাসে। তেওঁৰ গতিবেগ দেখি অবাক হয় তাত উপস্থিত সকলোৱেই। লগে লগে উছেইন বল্টৰ সৈতে তেওঁৰ গতি তুলনা কৰা আৰম্ভ হয়।
উছেইন বল্টে মাত্র ৯.৫৮ ছেকেণ্ডত ১০০ মিটাৰ স্প্রিণ্ট সম্পূর্ণ কৰিছিল। সেইটোৱে এতিয়া পর্যন্ত ১০০ মিটাৰ স্প্রিণ্টৰ ৰেকর্ড। ইয়াতকৈ কম সময়ত কোনোৱে তাক সম্পূর্ণ কৰিব পৰা নাই। আৰু এই ১০০ মিটাৰ পাৰ কৰিবলৈ শ্রীনিবাসক কিমান সময় লাগিছিল জানেনে? হিচাব কৰি দেখা গৈছে, তেওঁ ৯.৫৫ ছেকেণ্ডত সম্পূর্ণ কৰে এই দূৰত্ব। অর্থাৎ বল্টতকৈ ০.০৩ ছেকেণ্ড সময় কম লয় তেওঁ।
এই খবৰ বিয়পি পৰাৰ পিছতেই ৰাতাৰাতি ইণ্টাৰনেট ছেনছেচন হৈ উঠে শ্রীনিবাস। ফেচবুক আৰু টুইটাৰত তেওঁৰ সাফল্যৰ কথা বিয়পি পৰে। কোনোৱেতো তেওঁক অলিম্পিকৰ বাবে প্রশিক্ষণ দিয়াৰো পৰামর্শও দিয়ে। শ্রীনিবাসে কয়, “মই কাম্বালা ভালপাওঁ। মোৰ সাফল্য মোৰ দুই পোহনীয়া ম’হৰ। সিহঁতে খুব ভাল দৌৰিছে।”
উল্লেখ্য যে পশুৰ ওপৰত নির্মম অত্যাচাৰ কৰা হয় বুলি এই উৎসৱ বন্ধ কৰাৰ বাবে আদালতত আবেদন জনাইছিল ‘পেটা’ই। কিন্তু ২০১৬ চনৰ ডিচেম্বৰত কৰ্ণাটকৰ এই ঐতিহ্যবাহী উৎসৱক ক্লিনশ্বীট দিয়ে আদালতে।










