![]()
চাইবাৰ জালিয়াতি (Cyber fraud)ৰ বাবে সঞ্চিত ধন হেৰুৱাই পঞ্জাৱৰ প্ৰাক্তন আই জি (Former IG of Punjab) অমৰ সিং চাহালে গুলীচালনা কৰি আত্মহত্যাৰ চেষ্টা (Suicide attempt) চলায়। সোমবাৰে বিয়লি আই পি এছ বিষয়াজনে নিজৰ পাটিয়ালা বাসগৃহত আত্মহত্যাৰ চেষ্টা চলায়। ৰক্তাক্ত অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, সোমবাৰে বিয়লি ঘৰতে নিজকে গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে প্ৰাক্তন আই জি অমৰে। তেওঁ কিয় এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন ‘ছুইচাইড নোট’। তাত কোৱা হৈছে যে শেহতীয়াকৈ তেওঁক অনলাইনত প্ৰতাৰণা কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ আৰ্থিক ক্ষতিৰ লগতে চৰম মানসিক উদ্বিগ্নতাত ভুগিছিল। হয়তো সেইবাবেই বিষয়াজনে আত্মহত্যাৰ চেষ্টা চলাইছিল। সবিশেষ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

পাটিয়ালাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ শৰ্মাই কয় যে গুলীচালনাৰ খবৰ পাই আৰক্ষীয়ে আই পি এছগৰাকীৰ ঘৰত উপস্থিত হয়। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তেওঁৰ অৱস্থা সংকটজনক। উল্লেখ্য যে পঞ্জাৱ আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আই জি অমৰ ২০১৫ চনত ফৰিদকোটৰ বেহবাল কালান আৰু কোটকাপুৰাত শিখসকলৰ সমাৱেশত গুলীচালনা কৰাৰ গোচৰৰ অন্যতম অভিযুক্ত আছিল। ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত এ ডি জি এল কে যাদৱৰ নেতৃত্বত বিশেষ তদন্তকাৰী দলে উক্ত গোচৰত ফৰিদকোটৰ আদালতত অভিযোগনামা দাখিল কৰে। অভিযোগনামাত অমৰৰ লগতে কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰা হৈছে। অমৰে আত্মহত্যাৰ চেষ্টা কিয় কৰিছিল তদন্তকাৰীয়ে তাৰ তদন্ত কৰি আছে।












