
ৰাজস্থানত সোমবাৰে সংঘটিত হৈছে আন এক ভয়াৱহ পথ দুৰ্ঘটনা (Rajasthan Accident)। জয়পুৰত এখন ডাম্পাৰে মহটিয়াই নিয়ে কেইবাখনো গাড়ী, বাইক, পথচাৰীক। এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, আহত হৈছে ৫০ জনতকৈ অধিক লোক।

জানিব পৰা মতে, জয়পুৰৰ লোহামণ্ডী পথত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখনে ইখনৰ পাছত সিখন বিপৰীত দিশৰ পৰা অহা গাড়ী আৰু বাইকত খুন্দা মাৰে। ইয়াৰে কেইখনমানক মহটিয়াই বহু দূৰলৈ টানি লৈ যায়।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ট্ৰাকখনৰ চালকজনে মদ্যপান কৰি ডাম্পাৰখন অস্বাভাৱিকভাৱে চলাইছিল। তীব্ৰ বেগেৰে গৈ থকা ডাম্পাৰখনে অৱশেষত নিয়ন্ত্ৰণ হেৰুৱাই এটা বজাৰ এলেকাত প্ৰৱেশ কৰে। তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। দুৰ্ঘটনাস্থলীৰ পৰা আহত আৰু নিহতসকলক উদ্ধাৰ কৰা হয়।
স্থানীয় প্ৰশাসনিক বিষয়াসকলে জনোৱা মতে, আহতসকলক শীঘ্ৰে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটোত নিহত লোককেইজনক চিনাক্তকৰণৰ কাম চলি আছে। পৰিয়ালৰ লগত যোগাযোগ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে ডাম্পাৰখনৰ চালকে পলায়ন কৰে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।











