
ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ (Anil Ambani) সৈতে জড়িত ৩ হাজাৰ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে।

‘ৰিলায়েন্স অনিল ধীৰুভাই আম্বানী গ্ৰুপ’ৰ অধীনত বিভিন্ন প্ৰতিষ্ঠানত বিত্তীয় দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ তদন্ত চলাই আছে ইডিয়ে। সোমবাৰে পুৱা চৰকাৰী সূত্ৰই পি টি আইক জনোৱা মতে, সেই তদন্তৰ ফলত ৩ হাজাৰ কোটিৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰা হৈছে।
অনিলৰ কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগৰ তদন্তৰ সময়তে ইডিয়ে সা-সম্পত্তি জব্দ কৰিবলৈ চাৰিটা নিৰ্দেশ জাৰি কৰিছিল। পি টি আইৰ বাতৰি অনুসৰি, ইয়াৰ ভিতৰত মুম্বাইৰ পালি হিল এলেকাত অনিলৰ এটা ঘৰো আছে।
ইয়াৰ উপৰি ইডিয়ে কোম্পানীটোৰ আন কেইবাটাও ঘৰ আৰু কিছুমান বাণিজ্যিক ভৱন জব্দ কৰাৰ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰটোৱে জনোৱা মতে, জব্দ কৰা সম্পত্তিৰ ভিতৰত দিল্লীৰ মহাৰাজা ৰঞ্জিত সিং মাৰ্গত ‘ৰিলায়েন্স চেণ্টাৰ’ৰ এটা মাটিৰ প্লট আছে।
ইয়াৰ উপৰি ৰাজধানী দিল্লী, নয়ডা, গাজিয়াবাদ, পুনে, মুম্বাই, থানে, হায়দৰাবাদ, চেন্নাই আৰু অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ কিছু সম্পত্তিও জব্দ কৰা সম্পত্তিৰ তালিকাত আছে। ইডিৰ সূত্ৰই দাবী কৰা মতে, মুঠ ৩,০৮৪ কোটি টকা জব্দ কৰা হৈছে।
২০০৭ চনৰ পৰা ২০১৯ চনলৈ য়েছ বেংকৰ পৰা বৃহৎ ঋণ লোৱাৰ সময়ত অনিলৰ কোম্পানীয়ে নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন কৰি গোচৰটোৰ তদন্ত কৰি থাকোঁতে ইডিয়ে লক্ষ্য কৰে যে ঋণ অনুমোদনৰ পূৰ্বে সংশ্লিষ্ট বেংকৰ একাংশ লোকে বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল।
এছ বি আইকে ধৰি দেশৰ কেইবাটাও বেংকে আম্বানী গ্ৰুপৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে। কিছুমাহ পূৰ্বে ইডিয়ে অনিলক সোধা-পোছা কৰিছিল।
তেওঁ দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হয়। প্ৰায় ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত তেওঁক সোধা-পোছাৰ বাবে চমন জাৰি কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। আন এটা কেন্দ্ৰীয় সংস্থা চি বি আয়েও বেংক জালিয়াতিৰ গোচৰৰ সুকীয়া তদন্ত চলাই আছে।











