
অন্ধ্ৰপ্ৰদেশৰ এটা মন্দিৰত একাদশীৰ অনুষ্ঠানত সংঘটিত দুৰ্ঘটনাত কমেও ১০ জন লোকৰ (Andhrapradesh Stempede) মৃত্যু হোৱা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, শনিবাৰে একাদশী উপলক্ষে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত বহু ভক্তৰ সমাগম ঘটিছিল। কিন্তু হঠাতে লাগি পৰা হুলস্থুলৰ ফলত পদপিষ্টৰ ঘটনা সংঘটিত হয়। কিন্তু কিয় এই দুৰ্যোগৰ সৃষ্টি হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
শ্ৰীকাকুলামৰ জিলা দণ্ডাধীশে জনোৱা মতে, মন্দিৰত থিতাতে ৭ জন লোকৰ মৃত্যু হয়। পিছত চিকিৎসালয়ত আৰু তিনিজনৰ মৃত্যু হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, একে সময়তে একাদশী পূজা কৰিবলৈ মন্দিৰলৈ বহু ভক্ত আহিছিল । ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। লগে লগে হুলস্থুল আৰম্ভ হয়।
তাৰ পৰাই আতংক বিয়পি পৰে আৰু সকলোৱে একেলগে মন্দিৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিবলৈ ধৰে। ফলত প্ৰথম অৱস্থাত এই দুৰ্যোগৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হয়। অৱশ্যে ৰাইজৰ মাজত আন কোনো ঘটনা সংঘটিত হৈছে নেকি সেয়া জানিব পৰা হোৱা নাই। কাছিবুগাৰ ডি এছ পি লক্ষ্মণ ৰাৱে জানিবলৈ দিয়া মতে, ঘটনাটো পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয়।
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ভেংকটেশ্বৰ মন্দিৰত হোৱা ভয়াৱহ ঘটনাত মই স্তম্ভিত হৈছো। ভক্তসকলৰ মৃত্যু অতি হৃদয়বিদাৰক। মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলক শীঘ্ৰে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছো। স্থানীয় বিষয়া আৰু জনপ্ৰতিনিধিক ঘটনাস্থলীত উপস্থিত হ’বলৈ অনুৰোধ জনাইছো। উদ্ধাৰৰ কাম দ্ৰুতভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰা হ’ব।”
উল্লেখ্য যে একাদশীত ভেংকটেশ্বৰ মন্দিৰত এক বিশেষ পূজাৰ আয়োজন কৰা হয়। শ শ ভক্তই পূজা কৰিবলৈ যায়। তাৰে বেছিভাগেই মহিলা। এই দৃশ্যৰ কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। তাত দেখা গৈছে কেনেকৈ মহিলাসকলে হাতত পূজাৰ থাল লৈ ভিৰৰ মাজত দৌৰাদৌৰি কৰিছে।
সকলোৱে নিজৰ জীৱন ৰক্ষাৰ বাবে ভিৰৰ মাজৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে। বহুতে আনকি পৰি আছে। ইয়াৰ উপৰি আন এটা ভিডিঅ’ত মন্দিৰ চৌহদত পৰি থকা কেইবাটাও মৃতদেহ দেখা গৈছে। এই ভয়াৱহ পৰিস্থিতিৰ তথ্য লাভ কৰি মন্দিৰত উপস্থিত হয় আৰক্ষী। কেইবা মিনিটৰ চেষ্টাৰ অন্তত তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
ইফালে অন্ধ্ৰপ্ৰদেশৰ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে প্ৰত্যেককে দিয়া হ’ব ৫০ হাজাৰ টকা।









