
আকাশৰ দৰে বিশাল, সাগৰৰ দৰে গভীৰ, মুক্ত বিহংগৰ দৰে মুকলি, প্ৰকৃতিৰ দৰে উদাৰ, জুইৰ দৰে উদ্দীপ্ত… কিহেৰে ৰিজাওঁ তোমাক! শব্দৰ ভঁৰালত আকাল পৰে হে প্ৰাণৰ শিল্পী, চিৰসেউজ মনৰ অধিকাৰী, কৃষ্টি আৰু সৃষ্টিৰ মূৰ্ত প্ৰতীক যুগনায়ক জুবিন। কেনেদৰে বিদায় জনাওঁ তোমাক।

আজি কেউফালে কেৱল গান নোহোৱা গানৰ ক্ৰন্দন। এটা গান হেৰাল, গানৰ উৎস হেৰাল, গানৰ কলি হেৰাল… কিন্তু এতিয়াও চাৰিওফালে গানৰ সুবাস।
ক’ত নাই তোমাৰ উপস্থিতি। সমাজ, সাহিত্য, সংস্কৃতি… ধনী, দুখীয়া, বিপদগ্ৰস্ত… মানুহ, জীৱ-জন্তু, প্ৰকৃতি…সকলো আজি ঘাত মাউৰা হ’ল, অভিভাৱকহীন হ’ল।
তুমি যুগনায়ক, মহান আত্মা, যুগদ্ৰষ্টা, সৃষ্টিৰ আকৰ… এটা যুগৰ সূচনা কৰি তুমি মহান কৰিলা অসম তথা অসমীয়া জাতিক।
আজি জাতিটো দিশহাৰা হৈছে তোমাৰ অনুপস্থিতিত। স্তব্ধ হৈছে সময়, উশাহবোৰো যেন তোমাৰ উশাহতে বিলীন হৈ যাব! থমকিছে জনজীৱন, সেমেকিছে জনতাৰ হৃদয়, উচুপিছে প্ৰকৃতিয়ে, বিনাইছে তোমাৰ মৰমৰ জীৱ-জন্তুবোৰে।
তুমি যে নাই ভাবিবই নোৱাৰো। তোমাৰ কণ্ঠ আজি স্তব্ধ, কিন্তু হাজাৰ হাজাৰ কণ্ঠই তোমাৰেই কথা কৈছে, তোমাৰেই গান গাইছে… জীৱনৰ গান, জীয়াই থকাৰ গান, সমাজৰ গান, প্ৰকৃতিৰ গান…
সেউজীয়া ভালপোৱা সোণাপুৰৰ সেউজীয়াৰ মাজতে তুমি সমাহিত হ’লা অনন্তকালৰ বাবে। তোমাক বিদায় দিব নোৱাৰো অ’ প্ৰাণৰ শিল্পী, তুমি আমাৰ মাজতে থাকিবা চিৰদিন, চিৰকাল।
জুবিন নামৰ এটা যুগৰ সমাপ্তি ঘটিল আজি, কিন্তু জুবিন নামৰ গানটো আজিৰে পৰা নতুনকৈ গাব প্ৰতিজন অনুৰাগীয়ে। তুমি যুগান্তৰৰ শিল্পী। তুমি যুগনায়ক জুবিন।
শেষত জ্যোতিপ্ৰসাদৰে ভাষাৰেই কওঁ
শিল্পী মই তিনিও কালৰ
অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ।
ধ্বংসৰ মাজেদি মই, ৰূপান্তৰেদি ৰূপ পাই
নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ।













