ASSAM TIMES POST
নিউজ ডেস্কঃ এণ্টাৰ্কটিকাত পাৰাস্তম্ভ ওপৰলৈ উঠিছে৷ যদিও গ্ৰীস্ম কাল অহা নাই তথাপি এণ্টাৰ্কটিকাত পাৰাস্তম্ভ ১৮.৩ ডিগ্ৰী চেলচিয়াচ চুইছেগৈ৷ এয়া হ’ল এণ্টাৰ্কটিকাত অভিলেখ৷ ইতিমধ্যে এণ্টাৰ্কটিকাত বৃহৎ বৃহৎ বৰফ গলি গৈছে৷ দ্ৰুত গতিত গলিছে বৰফ৷
ইয়াৰ পৰিণতিত অহা ১০০ বছৰৰ ভিতৰত সাগৰৰ পানী ১০ ফুট ওপৰলৈ উঠি আহিব৷ ফলত বহু দেশ পানীৰ তললৈ যোবাৰ আশংকা আছে৷ বিশ্বৰ ১৯৩ ফন দেশৰ সংগঠন ৱ’ৰ্ল্ড মেটিঅ’ৰ’লজিকেল অ’ৰগেনাইজেছন (ডব্লিউ এম অ’)এ এই খবৰ দিছে৷
যোৱা বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিছে ডব্লিউ এম অ’ই কয় এণ্টাৰ্কটিকাত ‘জ্বৰ’ৰ মাত্ৰা বাঢ়িছে৷ উল্লেখ্য যে ২০১৫ চনত এণ্টাৰ্কটিকাত উষ্ণতাৰ পৰিমাণ আছিল ১৭.৫ ডিগ্ৰী চেলচিয়াচ৷










