ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলঙৰ পিতৃপুৰুষ , স্বপ্নদ্ৰষ্টা কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ খনিকৰ জননায়ক ছেমছন ছিং ইংতিৰ ১১০ সংখ্যক জন্ম জয়ন্তী আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন সামাজিক-সাংস্কৃতিক, ছাত্ৰ আৰু যুৱ সংগঠনৰ উদ্যোগত জিলাখনত ভিন্ন প্ৰান্তত উদযাপন কৰাৰ সমান্তৰালকৈ বকলিয়াঘাটত ইউনাইটেড কাৰ্বি ক্লাৱ, আঞ্চলিক যুৱক সংঘ, বকলিয়াঘাট শাখাৰ কাৰ্বি লাম্মেত আমেই, সাহিত্য সভা, আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাংফেৰ যুৱক-যুৱতী সংঘৰ উমৈহতীয়া প্ৰচেষ্টাত বিগত বছৰৰবোৰৰ দৰে আজিও উদযাপন কৰা হয়।
এই উপলক্ষে বকলিয়াঘাটস্থিত ছেমছন ছিং ইংতি সোঁৱৰণী উদ্যানত পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাঙৰ তৎপৰতাত অসম চৰকাৰৰ বিধায়ক উন্নয়ন পুঁজিৰ আনটাইড ফাণ্ডৰ যোগেদি জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু কাৰ্বি আংলং জিলা গড়কাপ্তানি (গৃহ) বিভাগৰ দ্বাৰা নিৰ্মিত ছেমছন ছিং ইংতিৰ নৱ নিৰ্মিত প্রতিমূর্তি উন্মোচন কৰা হয়।
পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে আনুষ্ঠানিকভাৱে ছেমছন ছিং ইংতিৰ নৱ নিৰ্মিত প্রতিমূর্তি উন্মোচন কৰা এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেইবাগৰাকী পাৰিষদৰ লগতে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াইয়ো অংশ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সমাজ সংগঠকজনৰ পৱিত্ৰ স্মৃতিত এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷
মন্ত্ৰী চুম ৰংহাঙে ভাষণ প্ৰদান কৰি পাৰ্কখনে বকলিয়াঘাটবাসীলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ৷ লগতে বকলিয়াঘাটৰ পৰা ৰজাপথাৰলৈ যোৱা ১৪ কি: মি: পথ শীঘ্ৰে সম্পন্ন কৰা হ’ব বুলিও মন্তব্য কৰে ৷