
ধাৰাসাৰ বৰষুণৰ ফলত গুৰুগ্ৰামত জনজীৱন ব্যাহত হৈ পৰিছে (Gurugram Traffic)। সোমবাৰে বিয়লিৰ পৰা গুৰুগ্ৰামত অবিৰত বৰষুণ আৰম্ভ হৈছে। ফলত মহানগৰীৰ বৃহৎ এলেকা পানীৰে বুৰ গৈছে। মঙলবাৰেও বতৰৰ কোনো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। মঙলবাৰে অধিক বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে।

তাৰ ফলত চহৰখনৰ বিস্তীর্ণ অঞ্চল জলমগ্ন হৈ পৰে। ক’ৰবাত যদি আঁঠুলৈকে, ক’ৰবাত আকৌ কঁকাললৈকে পানী। ফলত চহৰখনত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। কোনো স্থানত সাত-আঠ কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া যান-জঁটৰ ছবিও প্রকাশ্যে আহিছে। আনহাতে, ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান-জঁটত আবদ্ধ হৈ পৰে যাত্ৰীসকল।
আনহাতে, মঙলবাৰেও ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সতর্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ কাৰ্যালয়বোৰক তেওঁলোকৰ কৰ্মচাৰীসকলক মঙললবাৰে ঘৰৰ পৰায়ে কাম কৰাৰ নিৰ্দেশ দিবলৈ কোৱা হৈছে। স্কুলবোৰকো অনলাইনে পাঠদান লোৱাৰ পৰামর্শ দিয়া হৈছে।










