
ডিজিটেল পেমেণ্টৰ (Digital Payment) ক্ষেত্ৰত সমগ্ৰ দেশ আগবাঢ়ি থকাৰ সময়তে দেশৰ এখন চহৰ আছে, য’ত সকলোৱে এই ডিজিটেল পেমেণ্টৰ প্ৰতি পিঠি দিছে। ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত এতিয়া বেংগালুৰুৱে বুঢ়া আঙুলি দেখুৱাইছে।

চহৰখনৰ লোকসকলে ঘোষণা কৰিছে যে তেওঁলোকে কোনো ধৰণৰ ইউ পি আই লেনদেন নকৰে। বিশেষকৈ সৰু সৰু দোকানী, পথৰ কাষৰ সকলো দোকানীয়ে ইউ পি আই বৰ্জন কৰিছে। হাতত নগদ ধন লোৱাৰ কথা ঘোষণা কৰিছে।
তেওঁলোকে নিজৰ দোকানৰ বাহিৰত লিখিছে যে ইয়াত কোনো ইউ পি আইৰ অনুমতি দিয়া নহ’ব। কেৱল নগদ ধনৰ অনুমতি দিয়া হ’ব। স্থানীয় এজন দোকানীয়ে কয় যে তেওঁ প্ৰতিদিনে দোকান এখন চলাই অলপ টকা উপাৰ্জন কৰে।
তাত জি এছ টি দিবলগীয়া হ’লে বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ তাৰ উপৰি ইউ পি আই পেমেণ্ট কৰাৰ পিছত বাৰে বাৰে বেংকলৈ গৈ টকা উলিয়াবলগা হয়। ইয়াৰ পৰা মুক্তি পাব বিচাৰে তেওঁ। গতিকে তেওঁ আকৌ এবাৰ নগদ ধনলৈ উভতি যাব বিচাৰে। এই ঘোষণাৰ পাছত যথেষ্ট চিন্তিত হৈ পৰিছে বেংগালুৰু প্ৰশাসন।
তেওঁলোকে ভাবে যে পথৰ কাষৰ দোকানীসকলে যিদৰে এনে সিদ্ধান্ত লৈছে, তাৰ পৰাই হয়তো জি এছ টিৰ জাননী পাব পাৰে। তাতে ইউ পি আই পেমেণ্ট কৰি জি এছ টি দিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে নিজকে তাৰ পৰা আঁতৰাই পেলাইছে। এইটো সঠিক নহয়। ফলত সকলোকে জাননী দিয়া হ’ব।
বেংগালুৰুৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইউ পি আইৰ লেনদেন বন্ধ কৰি নগদ ধনৰ লেনদেনলৈ ঘূৰি আহিছে। কাৰণ জি এছ টিৰ (সামগ্ৰী আৰু সেৱা কৰ) সৈতে জড়িত সমস্যা আৰু কৰ জাননীৰ ভয়।
আগতে অনলাইন পেমেণ্টৰ বাবে QR কোড ব্যৱহাৰ কৰা বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়া সেইবোৰ আঁতৰাই গ্ৰাহকক নগদ ধন দিবলৈ কৈছে। কিছুমান বিক্ৰেতাই ইউ পি আই পেমেণ্টক লৈ হাৰাশাস্তিৰ আশংকা কৰে আৰু তেওঁলোকৰ ব্যৱসায় পঞ্জীয়নহীন হোৱাৰ বাবে তদন্তৰ আশংকা কৰে। ফলত বেংগালুৰুত ডিজিটেল পেমেণ্টৰ পৰিৱৰ্তে পুনৰ নগদ ধনৰ লেনদেন বৃদ্ধি পাইছে।
উল্লেখ্য যে কিছুমান ক্ষুদ্ৰ ব্যৱসায়ী জি এছ টিৰ অন্তৰ্ভুক্ত নহয় আৰু জি এছ টিৰ নিয়ম-নীতিৰ বিষয়ে অৱগত নহয়। সেয়ে জি এছ টিৰ জাননী আৰু জৰিমনাৰ বাবে ইউ পি আইৰ লেনদেন বন্ধ কৰি দিছে। আনহাতে, কিছুমান বিক্ৰেতাই ইউ পি আই লেনদেনৰ তথ্য ব্যৱহাৰ কৰি হাৰাশাস্তি হোৱাৰ ভয় কৰে।
ইয়াৰ উপৰি বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়াও নিজৰ ব্যৱসায় পঞ্জীয়ন কৰা নাই আৰু ইউ পি আই লেনদেনে তেওঁলোকৰ ব্যৱসায়িক তথ্য উন্মোচন কৰিব পাৰে, যিয়ে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান ক্ষেত্ৰত আকৌ ইউ পি আই পেমেণ্টসমূহে কাৰিকৰী অসুবিধাৰ সন্মুখীন হয়, যিয়ে ব্যৱহাৰকাৰীসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰে। ব্যৱহাৰকাৰীসকলে কেতিয়াবা লেনদেন কৰাত ব্যৰ্থ হয়।
এই পৰিস্থিতিত বেংগালুৰুৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইউ পি আই পেমেণ্ট বন্ধ কৰি নগদ ধনৰ লেনদেনলৈ ঘূৰি গৈছে আৰু তেওঁলোকৰ গ্ৰাহককো নগদ ধন আনিবলৈ কৈছে।
অৱশ্যে বহুতে অনুভৱ কৰে যে এই বিষয়টো ইমান সহজে শেষ নহ’ব। দেশৰ এই প্ৰথম শ্ৰেণীৰ চহৰখনত যদি ডিজিটেল লেনদেন বন্ধ কৰা হয়, তেন্তে তাত থকা গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে। বহুতে এতিয়া ডিজিটেল লেনদেনৰ ওপৰত নিৰ্ভৰশীল। এনে সিদ্ধান্তই তেওঁলোকক ডাঙৰ বিপদত পেলাব পাৰে।










