
প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণ সূচীলৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙলৈ অহা সাংসদ গৌৰৱ গগৈয়ে শণিবাৰে পুৱা ডিফু আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈ কয়যে, ষষ্ঠ অনুসূচীৰ এলেকাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হব লাগে কয়, এইবোৰ ষষ্ঠ অনুসূচীৰ ক্ষমতা। কিন্তু বিজেপিয়ে এইবোৰ নস্যাৎ কৰিছে।

দেশত এটা চিন্তাধাৰাৰ শাসন হ’ব নোৱাৰে। অসমতো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব লাগে। ষষ্ঠ অনুসূচীৰ ক্ষমতাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আঘাত কৰিছে। স্বায়ত্ত পৰিষদসমূহৰ ক্ষমতা এতিয়া হিমন্তবিশ্ব শৰ্মাৰ হাতত। নিজৰ ইচ্ছা অনুসৰি পৰিষদৰ অধীনৰ ভূমি বনিয়াগোষ্ঠীক গতাবলৈ তৎপৰ হৈছে। পৰিষদসমূহৰ দুৰ্বল নেতৃত্বৰ বাবেই এনে হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ ৪১ হাজাৰ বিঘা মাটি মুখ্যমন্ত্ৰীয়ে বনিয়া গোষ্ঠীক এৰি দিছে। ৰিয়েল ষ্টেট ব্ৰ’কাৰৰ ভূমিকা লৈছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে ষষ্ঠ অনুসূচীৰ এলেকাৰ ভূমিৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব। মণিপুৰৰ পৰিস্থিতিৰ আঁৰৰ অন্যতম খলনায়ক হৈছে হিমন্তবিশ্ব শৰ্মা।
BTR নিৰ্বাচনৰ বাবে হাতত সময় কম। কাৰ্বি আংলঙত অহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়, পৰিষদৰ নিৰ্বাচনহে হ’ব ফাইনেল। বিৰোধী মিত্ৰজোঁট গঠন কৰাৰ পূৰ্বে কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰি তুলিব লাগিব বুলি কয় গৌৰৱ গগৈয়ে ৷
উদ্যোগ হ’বলৈ হ’লে নিবনুৱা সমস্যা সমাধান হ’ব লাগিব। সাধাৰণ খাতি খোৱা লোকৰ ভূমি অধিগ্ৰহণ কৰি উদ্যোগ স্থাপন কৰিলে নিবনুৱা সমস্যা কেনেদৰে সমাধান হ’ব। সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা। মুখ্যমন্ত্ৰীয়ে বা তেওঁৰ মন্ত্ৰীয়ে সাংবাদিকক সন্মান নকৰে। সাংবাদিক আক্ৰমণ কৰাৰ মানসিকতা মুখ্যমন্ত্ৰীয়ে মানুহৰ মনত সোমাই দিছে। গৰুখুঁটিৰ কেলেংকাৰীৰ CBI তদন্ত বিছাৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷











