
ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈছে আমেৰিকাৰ টেক্সাছ (America Flood) । আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশত গুৱাডালুপ নদীৰ বানে বহু লোকক বুৰাই পেলাইছে।

এই পৰ্যন্ত স্থানীয় প্ৰশাসনে জনাইছে যে নদীখনৰ পৰা ২৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। সেয়ে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
সপ্তাহটোৰ শেষৰ ফালে নদীখনৰ কাষৰীয়া অঞ্চলত গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰিছিল এখন স্কুলৰ ছাত্ৰীসকলে। ইয়াৰে ২৩ গৰাকী এতিয়াও সন্ধানহীন হৈ আছে।
আশংকা কৰা হৈছে যে তেওঁলোকক বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে। অৱশ্যে টেক্সাছৰ লেফটেনেণ্ট গৱৰ্ণৰ ডেন পেট্ৰিকে কয় যে ছাত্ৰীসকল হয়তো হেৰাই যোৱা নাই। জীৱন ৰক্ষাৰ বাবে গছত আশ্ৰয় লৈছে নহ’লে বা যোগাযোগ কৰিব পৰা নাই।
টেক্সাছ প্ৰশাসনে জনোৱা মতে, নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীক বিচাৰি নোপোৱালৈকে বিমান উদ্ধাৰ অভিযান অব্যাহত থাকিব। ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে ৫০০ লোকক নমোৱা হৈছে।
১৪ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু মাজে মাজে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। টেক্সাছৰ বৃহৎ অঞ্চলত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। শুকুৰবাৰে দক্ষিণ-পশ্চিম টেক্সাছত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মাত্ৰ ৪৫ মিনিটতে গুৱাডালুপ নদী ২৬ ফুট (৮ মিটাৰ) ওপৰলৈ উঠো।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত একাধিক ভিডিঅ’ত দেখা গৈছে যে নদীৰ পানীয়ে ঘৰ-দুৱাৰ আৰু গছ-গছনি ওফৰাই পেলাইছে। ধাৰাসাৰ বৰষুণ অব্যাহত থাকিলে নদীখনত পুনৰ বান আহিব পাৰে বুলি আশংকা কৰা হৈছে। এই পৰিস্থিতিত টেক্সাছ প্ৰশাসনে নদীৰ পাৰৰ অঞ্চলসমূহ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে।
শুকুৰবাৰে আমেৰিকাৰ ২৪৯ সংখ্যক স্বাধীনতা দিৱস আছিল। স্বাধীনতা দিৱসৰ বন্ধৰ সময়ত বহু লোকে নদীৰ পাৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। প্ৰশাসনৰ পৰামৰ্শ মতে সেই সকলোবোৰ পৰিকল্পনা সম্প্ৰতি বাতিল কৰিবলগা হৈছে।










