
মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ঈদগাহ (Shadi Idgah) মছজিদৰ সৈতে জড়িত গোচৰত হিন্দুপক্ষই দাখিল কৰা আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এই আবেদনত শ্বাহী ঈদগাহ মছজিদক ‘বিতৰ্কিত গাঁথনি’ হিচাপে ঘোষণা কৰিবলৈ বিচৰা হৈছিল।

এই আবেদন দাখিল কৰা হৈছিল যাতে সংশ্লিষ্ট ষ্টেনোগ্ৰাফাৰক এই মূল গোচৰৰ পৰৱৰ্তী কাৰ্যবিধি আৰু অন্যান্য আনুষংগিক বিষয়ত ‘শ্বাহী ঈদগাহ মছজিদ’ৰ পৰিৱৰ্তে ‘বিতৰ্কিত গাঁথনি’ শব্দটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিব পৰা যায়।
হিন্দুপক্ষৰ অধিবক্তা মহেন্দ্ৰ প্ৰতাপ সিঙে এই আবেদন দাখিল কৰে। এই আবেদন শ্ৰীকৃষ্ণ জন্মভূমিৰ কাষৰ মাটি বেদখল কৰাৰ অভিযোগৰ সৈতে জড়িত এটা বৃহত্তৰ চলি থকা গোচৰৰ অংশ আছিল।
ইফালে মুছলমান পক্ষই লিখিত আপত্তি দাখিল কৰি হিন্দুপক্ষৰ আবেদনৰ বিৰোধিতা কৰে। মুছলমান পক্ষই কয় যে এনে ধৰণৰ শব্দৰ পৰিৱৰ্তন আদালতৰ নিৰপেক্ষতা আৰু ধৰ্মীয় সংবেদনশীলতাৰ বিৰোধী।
ন্যায়াধীশ ৰাম মনোহৰ নাৰায়ণ মিশ্ৰৰ একক বিচাৰপীঠে শুকুৰবাৰে হিন্দুপক্ষৰ আবেদন খাৰিজ কৰি মুছলমান পক্ষৰ আপত্তি মানি লয়। আদালতে কয় যে এই সময়ত শ্বাহী ঈদগাহ মছজিদক ‘বিতৰ্কিত গাঁথনি’ হিচাপে চিহ্নিত কৰিবলৈ পৰ্যাপ্ত আইনী ভিত্তি নাই।
শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ঈদগাহ মছজিদৰ বিৰুদ্ধে দাখিল কৰা মুঠ ১৮টা গোচৰৰ ভিতৰত এই গোচৰটো অন্যতম। ইয়াৰ মূল বিষয় হৈছে বিবাদিত ভূমি দাবী আৰু ধৰ্মীয় অধিকাৰৰ ওপৰত প্ৰশ্ন। বহু হিন্দুৰ মতে ঈদগাহ মছজিদৰ ঠিক কাষতে অৱস্থিত এই ঠাইখনেই ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান। এই গোচৰৰ পৰৱৰ্তী শুনানি ২ আগষ্টত অনুষ্ঠিত হ’ব।










