
সাধাৰণতে মানুহে বছৰত এবাৰহে জন্মদিন পালন কৰে যদিও ভাৰতবৰ্ষত এনে এজন ব্যক্তি আছে, যাৰ জন্মদিন বছৰত তিনিবাৰকৈ পালন কৰা হয়। বছৰত তিনিবাৰকৈ জন্মদিন পালন কৰা ব্যক্তিজন কোন জানেনে।

কিছুদিন পূৰ্বে উদ্যোগপতি গৌতম আদানীয়ে (Gautam Adani) ৬৪ সংখ্যক জন্মদিন পালন কৰিছে। অৱশ্যে তেওঁ বছৰত তিনিবাৰকৈ জন্মদিন পালন কৰে। তেওঁ যেনেকৈ নিজৰ জন্মৰ তাৰিখত জন্মদিন পালন কৰে, তেনেকৈ আৰু দুটা দিনতো তেওঁ জন্মদিন পালন কৰে। এই দুটা তাৰিখত গৌতম আদানী মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিছিল। সেয়ে এই দুদিনতো গৌতম আদানীয়ে জন্মদিন পালন কৰে।
প্ৰথম জন্মদিন
গৌতম আদানীৰ জন্ম হৈছিল ১৯৬২ চনৰ ২৪ জুনত। তেওঁ এটা সাধাৰণ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। পৰিয়ালৰ সপ্তম সন্তান আছিল তেওঁ। তেওঁ এটা গুজৰাটী জৈন পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। পিতৃ আছিল এজন সাধাৰণ কাপোৰৰ ব্যৱসায়ী। কিন্তু তেওঁ নিজৰ পৰিয়ালৰ প্ৰতি আনুগত্যশীল আছিল। তেওঁ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আদানী গ্ৰুপ গঢ়ি তুলিছিল।
দ্বিতীয় জন্মদিন
গৌতম আদানীৰ দ্বিতীয় জন্মদিন ১৯৯৮ চনৰ ১ জানুৱাৰীত। সেইদিনা তেওঁক অপহৰণ কৰা হয়। এদল অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে তেওঁক অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তেওঁলোকৰ কবলৰ পৰা অবিশ্বাস্যভাৱে বাচি গৈছিল।
তৃতীয় জন্মদিন
১১ বছৰৰ পাছত আকৌ গৌতম আদানীৰ ভাগ্য পৰীক্ষা হয়। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। সেইদিনা সন্ত্ৰাসবাদীয়ে তাজ হোটেলখনক নিজৰ লক্ষ্য কৰি লৈছিল। সেইদিনা তেওঁ তালৈ গৈ ডুবাই বন্দৰৰ চি ই অ’ মহম্মদ শ্বৰীফক লগ কৰাৰ কথা আছিল।
কিন্তু শেষ মুহূৰ্তত তেওঁলোকে নিজৰ সভা বাতিল কৰে। সেয়া নহ’লে সেইদিনা মুম্বাই আক্ৰমণৰ বলি হ’লহেঁতেন গৌতম আদানী। সেইদিনাও ভাগ্যই তেওঁক পুনৰ ৰক্ষা কৰে। সেয়ে এই তিনিটা দিনত গৌতম আদানীয়ে জন্মদিন পালন কৰে।











