ষ্টাফ ৰিপ‘ৰ্টাৰ,ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচত বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ উক্ত কাৰ্যসুচীত মুখ্য অতিথি হিছাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে বৃক্ষপুলি ৰোপনৰ শুভ উদ্ধোধন কৰে ৷

সমগ্ৰ কাৰ্বি আংলঙত ১ লাখ গছপুলি ৰোপনৰ সংকল্প লৈ আজিৰ দিনটোত তাৰালাংচৰ বাকৰিতেই ১০ হাজাৰ গছ পুলি ৰোপন কৰা হব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ আনহাতে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ বিশিষ্ট কৌতুক অভিনেতা আৰু তেওঁৰ সংগী বৃন্দই পৰিৱেশ পাৰিপাৰ্শিকতাৰ ওপৰত এক আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্শন কৰে ৷
.