ডিফুৰ সমীপৰ বৰলাংফেৰ থানা এলেকাত দেওবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত পাথৰখোলাৰ ঘন জংঘল কাচি নলাত পত্নী হত্যাকাৰী স্বামীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনসৰি ২২ মে বৃহস্পতিবাৰে নিশা বৰলাংফেৰ থানা এলেকাৰ লাংচলিয়েটৰ বুঢ়া টেৰণ গাঁৱত ৰূপচিং তিচো নামৰ লোকজনে নিজ পত্নীক দাৰে ঘপিয়াই নিহত কৰি পলাতক হৈ আছিল ৷
আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি থকা অৱস্থাতে আজি লাংচলিয়েটৰ লোকজনৰ ঘৰৰ প্ৰায় ৭ কিলোমিটাৰ নিলগৰ পাথৰখোলাৰ ওচৰৰ কাচিনালাৰ জংঘলৰ পৰা ৰূপছিং টেৰণৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ মৃতদেহৰ ওচৰত আৰক্ষীয়ে এটা হাতে সজা খাজা বন্দুক উদ্ধাৰ কৰে ৷
আৰক্ষীয়ে আৰু পৰিয়ালৰ লোকে উক্ত ঘটনা আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে আজি ৰূপছিং টিচোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷