পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ ভাৰতীয় সেনাই আৰম্ভ কৰিছিল ‘অপাৰেচন সিন্দুৰ’ (Operation Sindoor)। উক্ত অভিযান আৰম্ভ হোৱাৰ পাছতে ৭-৮ মে’ৰ নিশা পাকিস্তানী সেনাই অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল।

সোমবাৰে এই কথা প্ৰকাশ কৰে সেনাৰ ১৫ নং পদাতিক বিভাগৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ’ চি) মেজৰ জেনেৰেল কাৰ্তিক চি শেষাদ্ৰীয়ে। লগতে তেওঁ কয় যে ইতিমধ্যে স্বৰাণ মন্দিৰটো আক্ৰমণৰ আশংকাত নিৰাপত্তাৰ আৱৰণেৰে আৱৰি ৰখা হৈছে। ফলত তাত কোনো এটা আঁচোৰ নপৰাকৈ বাচি যায়।
সেনা বিষয়া মেজৰ জেনেৰেল কাৰ্তিকে সোমবাৰে সংবাদ সংস্থা এ এন আইৰ আগত কয় যে ভাৰতত পাকিস্তানৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই। গতিকে তেওঁলোকে অসামৰিক অঞ্চলক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল। তেওঁ কয়, “আমি জানিছিলোঁ যে পাকিস্তানৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই। গতিকে মই ভাবিছিলো যে তেওঁলোকে ভাৰতীয় সামৰিক ঘাটি, সাধাৰণ নাগৰিক, আনকি ধৰ্মীয় স্থানতো আক্ৰমণ কৰিব পাৰে।” তেওঁ লগতে কয়, “আমি আধুনিক বায়ু প্ৰতিৰক্ষা প্ৰযুক্তিৰে স্বৰ্ণ মন্দিৰক সুৰক্ষা দিওঁ।”
উল্লেখ্য যে ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়। ইয়াৰ কিছু সময়ৰ পাছতে ৭ মে’ত ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰে। সেনা বিষয়া মেজৰ জেনেৰেল কাৰ্তিকে কয়, “৮ মে’ৰ মাজনিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলায়। ভাৰতীয় সেনা এই আক্ৰমণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছিল। সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু প্ৰতিটো ড্ৰ’ন আৰু মিছাইলক বাধা দিয়া হয়।”
বিষয়াগৰাকীৰ মতে, “পাকিস্তানে স্বৰ্ণ মন্দিৰত যিবোৰ ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল, সেইবোৰ আমাৰ সজাগ সেনাই বাধা দিছে। ড্ৰ’ন গুলীয়াই ভূপতিত কৰে। সেনাই আমাৰ পবিত্ৰ স্বৰ্ণ মন্দিৰত আঁচোৰ এটা পৰিবলৈও নিদিলে। ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণৰ চেষ্টা কেনেদৰে বিফল কৰিব পাৰে তাৰ নমুনা দেখুৱালে।”