ASSAM TIMES POST
নিউজ ডেক্স
সীমান্তত হ্ৰাস পোৱা নাই পাকিস্তানৰ আগ্ৰাসন৷ যোৱা ৯ মাহত জম্ম আৰু কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত বাৰম্বাৰ যুদ্ধ বিৰত চুক্তি উলংঘা কৰিছে পাকিস্তানে৷ এই ৯ মাহত পাকিস্তানে মুঠ ২৩৩৫ বাৰ যুদ্ধ বিৰত চুক্তি উলংঘা কৰিছে৷ সংসদত এই কথা জনাইছে চৰকাৰে৷ ৰাজ্যসভাত প্ৰতিৰক্ষা দপ্তৰৰ উপ মন্ত্ৰী শ্ৰীপদ নায়কে জনায় যে ২০১৯ চনৰ ৩০ মে’ৰ পৰা ২০২০ চনৰ ২০ জানুৱাৰী পৰ্যন্ত ভাৰত-পকিস্তান আন্তৰ্জাতিক সীমান্তত ২৩৩৫ বাৰ যুদ্ধ বিৰত চুক্তি উলংঘা কৰিছে পাকিস্তান সেনাই৷
চলিত বছৰৰ ১৫ জানুৱাৰীলৈকে জম্মুৰ ওচৰত ভাৰত-পাকিস্তান সীমান্তত ১৭৭বাৰ সীমান্ত ৰেখা অতিক্ৰম কৰি গুলীচালনা কৰিছে৷ শ্বহীদ হৈছে আঠজন জোৱান৷ ২০১৯ চনত চিয়াচীনত তুষাৰপাতত মৃত্যু হৈছে ছজন জোৱানৰ৷ অন্যান্য পাৰ্বত্য এলেকাত ২০১৯ চনত তুষাৰপাতত ১১ জন সেনা কৰ্মীৰ মৃত্যু হৈছে৷










