ASSAM TIMES POST
নিউজ ডেক্স
এটা বৃহৎ ভূমিকম্পৰ সৃষ্টি হয় আটলাণ্টিক মহাসাগৰত৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৭৷ মাৰ্কিন ভূ-তাত্বিক বিভাগৰ মতে এই ভূমিকম্পৰ প্ৰভাৱ পৰে ফকলেণ্ড দ্বীপৰ সমীপৱৰ্তী ষ্টেনলেইত৷ ভূ-গৰ্ভৰ ১০ কিলোমিটাৰ অভ্যন্তৰত এই ভূমিকম্পৰ উৎপত্তি হয়৷ ভূমিকম্পৰ উৎপত্তিৰ স্হল হ’ল উছুৱাই নামৰ অঞ্চলত৷ সমুদ্ৰ তলীত বৃহৎ কম্পনৰ সৃষ্টি হয়৷
ভূমিকম্পৰ ফলত কোনো ক্ষতি হোৱা নাই যদিও ছুনামিৰ আশংকাই ফকলেণ্ড দ্বীপৰ বাসিন্দাক ত্ৰাসৰ সৃষ্টি কৰিছে৷










