ASSAM TIMES POST
নিউজ ডেক্স
অহা ৬ ফেব্ৰুৱাৰীত বি এছ য়েডুৰাপ্পা নেতৃত্বতাধীন কৰ্ণাটক মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ব৷ সেইদিনা দিনৰ ১০. ৩০ বজাত ৰাজভৱনত মন্ত্ৰীসকলে শপত গ্ৰহণো কৰিব৷ উল্লেখ্য যে প্ৰায় দুমাহৰ পূৰ্বে অৰ্থাৎ ২০১৯ চনৰ ডিচেম্বৰত অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপিয়ে অধিক সংখ্যক আসনত জয়লাভ কৰিছিল৷
ফলত বিজেপি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয়৷ ইপিনে, বহুবাৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ কথা কোৱা হৈছিল যদিও পিছুৱাই থকা হৈছিল৷ বিৰোধী দলবোৰে বিজেপিক লক্ষ্য কৰি লোৱাও পৰিলক্ষিত হয়৷ মন্ত্ৰীসভা সম্প্ৰসাৰণ পলম কৰাত প্ৰশাসন দুৰ্বল হৈ পৰে৷ স্মৰ্তৱ্য যে যোবা বছৰ কংগ্ৰেছ আৰু জেডি (এছ)ৰ ১৭ জন বিধায়কক অধ্যক্ষই অযোগ্য ঘোষণা কৰিছিল










