শ্বাৰ্টৰ বুটাম খোলা থকাৰ অপৰাধৰ বাবে এগৰাকী অধিবক্তাগৰাকীক ছমাহৰ কাৰাদণ্ড। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) ২০২১ চনত আদালত অৱমাননাৰ গোচৰত অভিযুক্ত এজন অধিবক্তাক শাস্তি প্ৰদান কৰে।

আদালতৰ সূত্ৰ অনুসৰি, অভিযুক্ত অধিবক্তাজনৰ নাম অশোক পাণ্ডে। অভিযোগ অনুসৰি, ২০২১ চনত অশোকে এটা গোচৰৰ শুনানিত অধিবক্তাৰ পোছাক পৰিধান নকৰাকৈ আদালতত হাজিৰ হৈছিল।
আনকি তেওঁৰ শ্বাৰ্টৰ কেইবাটাও বুটাম খোলা আছিল। অভিযোগ অনুসৰি, নিয়ম ভংগ কৰাৰ বাবে আদালতৰ কক্ষৰ পৰা ওলাই যাবলৈ কোৱাত তেওঁ ন্যায়াধীশসকলক ‘গুণ্ডা’ বুলি অভিহিত কৰিছিল।
তাৰ উপৰি ব্যাপক বিতৰ্কও চলে। ইয়াৰ পিছত আদালতে তেওঁৰ বিৰুদ্ধে অৱজ্ঞাৰ গোচৰ ৰুজু কৰে। উক্ত গোচৰত ন্যায়াধীশ বিবেক চৌধুৰী আৰু ন্যায়াধীশ বি আৰ সিঙৰ বিভাগীয় বিচাৰপীঠে বৃহস্পতিবাৰে তেওঁক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে অপৰাধৰ প্ৰকাৰ আৰু অশোকৰ অতীতৰ আচৰণৰ ইতিহাস পৰীক্ষা কৰি তেওঁৰ ওপৰত ‘দৃষ্টান্তমূলক শাস্তি’ নিশ্চিত কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰে।
কাৰাদণ্ডৰ উপৰি অধিবক্তাগৰাকীক ২০০০ টকা জৰিমনাও বিহা হয়। জৰিমনা আদায় নিদিলে তেওঁক আৰু এমাহৰ কাৰাদণ্ডৰ শাস্তি দিয়া হ’ব। আনহাতে, লক্ষ্ণৌত মুখ্য ন্যায়াধীশৰ আগত আত্মসমৰ্পণ কৰিবলৈ অশোকক চাৰি সপ্তাহৰ সময় দিয়া হৈছে।
ইয়াৰ উপৰি আদালতে তেওঁৰ বিৰুদ্ধে কাৰণ দেখুওৱাৰ জাননীও জাৰি কৰি প্ৰশ্ন কৰে যে তেওঁক কিয় এলাহাবাদ উচ্চ ন্যায়ালয় আৰু লক্ষ্ণৌ বিচাৰপীঠত আইন চৰ্চা কৰাত বাধা দিব নালাগে। ১ মে’ৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব অশোকে।