মধ্যবিত্ত শ্ৰেণীক সকাহ দি পুনৰবাৰ ৰেপো ৰেট কৰ্তন (Repo Rate Cut)ৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India)ৰ। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত মুদ্ৰানীতি সমিতিৰ বৈঠক বিগত কিছুদিন ধৰি চলি আছে। এই বৈঠকত মধ্যবিত্ত শ্ৰেণীৰ ওপৰত হেঁচা কমোৱাৰ বাবে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ৰেপো ৰেট ২৫ বেছিছ পইণ্ট (বি পি এছ) কৰ্তন কৰা হয়।
এই প্ৰসংগত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয়, “ৰেপো ৰেট ৬ শতাংশলৈ হ্ৰাস কৰা হৈছে। যিটো পূৰ্বতে আছিল ৬.২৫ শতাংশ।” আৰ বি আয়ে লগতে অৱগত কৰিছে যে মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট হ্ৰাস কৰাৰ পক্ষত আছিল।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন শুল্ক নীতি ঘোষণা কৰিছে। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে। যিটোৱে নিঃসন্দেহে নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। বিশেষকৈ ভাৰতীয় অৰ্থনীতিৰ ওপৰত চাপ বাঢ়িছে। ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধি হ্ৰাস পাব পাৰে বুলি আশংকা কৰিছে অৰ্থনীতিবিদসকলে।
ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক অতি গুৰুত্বপূৰ্ণ আছিল। উক্ত বৈঠকৰ শেষত ৰেপো ৰেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হয়। এই ঘোষণাৰ ফলত সাধাৰণ ৰাইজে কিছু সকাহ পাব। সাধাৰণ জনতাৰ ওপৰত ই এম আইৰ বোজা কিছু পৰিমাণে কমিব বুলি আশা কৰা হৈছে। খবৰ অনুসৰি, অতি সোনকালে এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। বেংকসমূহক এই সন্দৰ্ভত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও কোৱা হৈছে।
উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বছৰৰ আৰম্ভণিতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহত ৰেপো ৰেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। সেই সময়ত ৰেপো ৰেটত ০.২৫ শতাংশ কৰ্তনৰ কথা ঘোষণা কৰা হৈছিল । তাৰ পিছত ৰেপো ৰেট ৬.৫০%ৰ পৰা ৬.২৫%লৈ হ্ৰাস পাইছিল। যিসময়ত সাধাৰণ মানুহে আকাশলংঘী সুতৰ বোজাৰ বাবে তীব্ৰ হেঁচাত পৰিছিল, সেই সময়ত ৰেপো ৰেট কৰ্তনৰ দাবী উত্থাপন হৈছিল। অৱশেষত পাঁচটা দীঘলীয়া বছৰৰ পাছত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কৰ্তনৰ কথা ঘোষণা কৰে। এইটো ১ এপ্ৰিলৰ পৰা অৰ্থাৎ ২০২৫-২০২৫ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ মাজতে কেইমাহমানৰ ভিতৰত পুনৰবাৰ ৰেপো ৰেট হ্ৰাসৰ কথা ঘোষণা কৰা হৈছে। যিটো অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।