
ছত্তীশগড় (Chhattisgarh)ৰ বস্তাৰৰ দান্তেৱাড়া জিলা (Dantewada district of Bastar)ত তিনিজন মাওবাদী কমাণ্ডাৰ (Three Maoist commanders)সহ ২৬জন গেৰিলাই আত্মসমৰ্পণ (26 guerrillas surrender) কৰে। ইয়াৰ পূৰ্বে তেলেংগানাৰ ভদ্ৰদ্ৰী কোঠাগুডেম জিলাত ২০গৰাকী মহিলাসহ কমেও ৮৬জন মাওবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদীৰ পৰা মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাত এই পদক্ষেপ এক বৃহৎ অগ্ৰগতি।

আৰক্ষীৰ তথ্য অনুসৰি, তিনিজন মাওবাদী কমাণ্ডাৰৰ মূৰৰ দাম আছিল ৪.৫০ লাখ টকা। আত্মসমৰ্পণ কৰা তিনিজন নেতাৰ ভিতৰত ৰাজেশ কাশ্যপ আমদৈ অঞ্চলৰ কমাণ্ডাৰ হিচাপে সক্ৰিয় আছিল। তেওঁৰ মূৰৰ মূল্য ৩ লাখ টকা ঘোষণা কৰা আছিল। আনহাতে, ৰাজ্যিক আৰক্ষীয়ে কোছা মাধৱী আৰু ছোতু কুঞ্জাম নামৰ আন দুজন কমাণ্ডাৰৰ ওপৰত ক্ৰমে এক লাখ আৰু ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
সোমবাৰে দান্তেৱাদাৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কয়, “মাওবাদী আদৰ্শৰ প্ৰতি মোহভংগ হোৱাৰ বাবে তেওঁলোকে আত্মসমৰ্পণ কৰি সমাজৰ মূলসুঁতিত যোগদান কৰিছে।” নিৰাপত্তাৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকৰ আত্মসমৰ্পণে নিৰাপত্তাৰক্ষীৰ মনোবল বৃদ্ধি কৰিব।











