বিয়া কৰোৱা মানে পত্নীৰ মালিক হোৱা নহয়। শেহতীয়াকৈ এটা গোচৰত স্বামীক ধমক দি এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) এইদৰে কয়। স্বামীয়ে ছচিয়েল মিডিয়াত দম্পতীহালৰ অন্তৰংগ মুহূৰ্ত প্ৰচাৰ (Promotion of intimate moments) কৰাৰ অভিযোগ উত্থাপন হয়। উক্ত ঘটনাৰ গোচৰ খাৰিজ কৰিবলৈ অভিযুক্ত স্বামীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আদালতে তেওঁৰ আবেদন নাকচ কৰে। লগতে আদালতে অভিযুক্তক ধমক (Threatened by the court) দিয়ে। ন্যায়াধীশ বিনোদ দিৱাকাৰ (Justice Vinod Diwakar)ৰ মন্তব্য, স্বামীয়ে বিবাহ সম্পৰ্কৰ পবিত্ৰতা ধ্বংস কৰিছে। আদালতৰ মতে, স্বামী-স্ত্ৰীৰ বন্ধনক সংজ্ঞায়িত কৰা অন্যতম কাৰক হ’ল দম্পতীহালৰ মাজত থকা অন্তৰ্নিহিত গোপনীয়তা। ছ’চিয়েল মিডিয়াত এনে বিষয়বস্তু শ্বেয়াৰ কৰিলে সেই গোপনীয়তা উলংঘা কৰা হয়।

উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰা মতে স্বামীয়ে পত্নীৰ আস্থা, বিশ্বাস আৰু ভৰসাক সন্মান কৰা উচিত। বিশেষকৈ দম্পতীহালৰ অন্তৰংগ মুহূৰ্তৰ প্ৰতি লক্ষ্য ৰাখি ই আৰু অধিক বাঞ্ছনীয়। আদালতে এইটোও ৰায় দিয়ে যে বিবাহে পত্নীৰ ওপৰত স্বামীৰ মালিকীস্বত্ব বা নিয়ন্ত্ৰণত কেতিয়াও অনুমোদন নিদিয়ে। নতুবা পত্নীৰ গোপনীয়তাৰ অধিকাৰকো খৰ্ব নকৰে। ন্যায়াধীশৰ পৰ্যবেক্ষণ, পত্নী কেতিয়াও বৈবাহিক সম্পৰ্কত স্বামীৰ বৰ্ধিত অংশ নহয়। তেওঁৰ নিজস্ব অধিকাৰ আৰু ইচ্ছাও আছে। তেওঁৰ গোপনীয়তাক সন্মান কৰাটো কেৱল আইনী বাধ্যবাধকতা নহয়, সম্পৰ্কটোত নৈতিক বাধ্যবাধকতাও।
২০২২ চনত পত্নীয়ে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা এজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। ইফালে গোচৰ খাৰিজ কৰিব বিচাৰি অভিযুক্তৰ অধিবক্তাই আদালতত কয় যে যিহেতু অভিযোগকাৰী অভিযুক্তৰ পত্নী, গতিকে গোচৰটো গ্ৰহণযোগ্য নহয়। কিন্তু আদালতে সেই আবেদন নাকচ কৰে।