![]()
শণিবাৰে পুৱা ১১ বজাত ডিফুস্থিত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় বাজেটৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায় ৷ জিলাখনৰ বুদ্ধিজিৱী, ব্যৱসায়ী, দল- সংগঠন , আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত পৰ্যালোচনা সভাখন অনুষ্ঠিত হয় ৷

তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ অমৰচিং তিচোৱে ৰাষ্ট্ৰীয় বাজেটৰ ভাল বেয়া দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে উক্ত বাজেটে কাৰবি আংলংবাসীৰ বাবে কঢ়িয়াই অনা আশাৰ ওপৰতো আলেচনা কৰে ৷












