
ভাৰতৰ বজাৰত নিৰ্মিত মোবাইলে (India-made mobile) বৰ্তমান বিশ্বৰ বজাৰত (In the world market) আধিপত্য বিস্তাৰ (Dominating) কৰিছে। সৃষ্টি হৈছে এক নতুন মাইলৰ খুঁটি। ভাৰতত নিৰ্মিত ১.৫ লাখ কোটি মোবাইল চলিত বৰ্ষৰ জানুৱাৰী মাহত বিশ্ব বজাৰলৈ ৰপ্তানি (export) কৰা হৈছে। এই তথ্য আই চি ই এই দাখিল কৰিছে। যাৰ ফলত ভাৰতত নিৰ্মিত মোবাইল উদ্যোগে ভৱিষ্যতে বিশ্ব বজাৰত আধিপত্য বিস্তাৰ কৰিব বুলি ক’ব পাৰি। আই চি ই এয়ে কয় যে ভাৰত এই উদ্যোগত যি হাৰত আগবাঢ়িছে, ভৱিষ্যতেও এই উদ্যোগৰ আৰু বিকাশ হ’ব। এই উদ্যোগৰ বাবে এইবাৰ ৫,১০,০০০ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফলস্বৰূপে ভাৰত কেৱল বিশ্ব বজাৰত মোবাইল উদ্যোগত স্বাৱলম্বী হোৱাই নহয়, বিশ্ব বজাৰত ভাৰতত নিৰ্মিত মোবাইলে কিমান স্থান লাভ কৰিছে সেয়াও চৰ্চালৈ আহিছে।

এই হাৰৰ পৰা স্পষ্ট যে এই ৰপ্তানিৰ পৰিমাণ যোৱা বছৰৰ তুলনাত বহু বেছি। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে সমগ্ৰ বিশ্বই ভাৰতত নিৰ্মিত মোবাইল ফোন গ্ৰহণ কৰিছে। অৱশ্যে এই উদ্যোগত অধিক সুযোগ আছে বুলিও কোৱা হয়। ভাৰতীয় বজাৰত মোবাইল সামগ্ৰী নিৰ্মাণত ক্ৰমান্বয়ে গুৰুত্ব দিয়াত অনাগত দিনত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ উদ্যোগ লৈছে। বিশ্বত অধিক ব্যৱসায় কৰিব পৰা ভাৰতত নিৰ্মিত মোবাইল এতিয়া মূল লক্ষ্য। আশা কৰা হৈছে যে আগন্তুক কেইবছৰমানৰ ভিতৰত ভাৰতে মোবাইল ফোন নিৰ্মাণৰ ক্ষেত্ৰত অধিক স্বাৱলম্বী হৈ উঠিব। ফলত এই উদ্যোগটোৱে ভাৰততো যথেষ্ট কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।
এতিয়ালৈকে মোবাইলৰ ক্ষেত্ৰত ভাৰত মূলতঃ চীনৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু ভাৰত লাহে লাহে চীনৰ পৰা আঁতৰি আহিছে। এতিয়া ভাৰতে সম্পূৰ্ণ থলুৱাভাৱে মোবাইল ফোন নিৰ্মাণ কৰি এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে। এই ৰপ্তানিৰ হিচাপটোৱেই এই কথা প্ৰমাণ কৰে।













