উত্তৰ-পূৰ্বাঞ্চলৰ অতিকৈ পুৰণি সৰ্ব বৃহৎ কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ অন্তিম ক্ষণত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আনুষ্ঠানিক ভাবে আৰম্ভ হ’ল ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷ ৰংমিলিৰ হাঁহিৰ দেশত উৰিল কাৰবি লোক কৃষ্টি সংস্কৃতিৰ সাংস্কৃতিক বিজয় ধ্বজা ৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মন পৰশা জন-জাতীয় নৃত্য গীতেৰে উদ্ভাসিত হ’ল তাৰলাংচৰ বাকৰি ৷ কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাসেৰে আমোল মোলাইছে কাৰবি সাংস্কৃতিক প্ৰকল্প ৷
জিলা খনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তা সকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে ( আচেথাই) মঞ্চ সমূহ বিভিন্ন আলোক সজ্জাৰে ন- কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷
গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ গৰকা কাৰবি যুৱ মহোৎসৱটি এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি নথেংপি ( প্ৰাসাদ)৷ বিভিন্ন প্ৰান্তৰ মুঠ ৩৫ টা মাণ্ডলিক কমিটিৰ ৫ সহস্ৰাধিক শিল্পীয়ে হাতে হাতে চেংপি, চেংচ’, চেংবৰুক, চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ’ ৱজাৰু,আংনি, পুৰুষৰ গাত চইক’ চয়াং,তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰবি ৰিচ’ নিমচ’ সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই তাৰালাংচৰ হেমফু মুক্ৰাঙৰ পৰা পতাকা উত্তোলন থলীত উপস্থিত হয়
সাংস্কৃতিক শোভা যাত্ৰাৰ নেতৃত্ব বহন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৷
ইয়াৰ পূৰ্বে কাৰবি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পন কৰে কেচিএছৰ সভাপতি সম্পাদকদমবয় ক্ৰমে, চন্দ্ৰছিং ক্ৰ’ আৰু বিদ্যাছিং ৰংপিয়ে ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰই ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে ৷
ইয়াৰোপৰি কাৰবি ৰজা লংচিং ৰংহাঙ, লিনডকপ’ চিণ্ঠং ৰংবং, লিনডকপ’ আমৰি ৰংবং, ডুমৰা ৰজা হলিচিং ৰংহাঙ, সাংসদ হৰেণছিং বে’, বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰচিং ৰংহাঙ,পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰবি লোক-কৃষ্টি সংস্কৃতিৰ গৱেষক লুণছে তিমুঙ, কেচিএছৰ প্ৰতিষ্ঠাপক সম্পাদক ৰয় ইংহি , কাৰবি লাম্মেট আমেইৰ সভাপতি কামচিং হাঞ্চে, কেচিএছৰ প্ৰাক্তন সভাপতি লৰেন্স টেৰণ প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ সভাপতি-সম্পাদক আৰু নেতা কৰ্মী উপস্থিত থাকে ৷
আনহাতে টয়টা পেভিলিয়নৰ উদ্ধোধন কৰে চিইএম তুলিৰাম ৰংহাঙে ইয়াৰ পিছত ক্ৰমান্বয়ে চেংপি প্ৰতিযোগিতা, কাৰবি পৰাম্পৰাগত বজাৰ ,বোৱা কটা প্ৰদৰ্শনী ও বিক্ৰি কেন্দ্ৰ, বিভাগীয় প্ৰদৰ্শনী, জনগোষ্ঠীয় গাওঁ, বজাৰ, মঞ্চ সমূহৰ শুভ উদ্ধোধন কৰা হয় ৷