দেশবাসীক সকাহ দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India)ৰ এক বৃহৎ ঘোষণা। দেশৰ শীর্ষ বেংকটোৱে সুদীৰ্ঘ পাঁচ বছৰৰ পাছত ৰেপো ৰেট হ্ৰাস (Reduction in repo rate) কৰে। শুকুৰবাৰে মুদ্ৰানীতি সমিতিৰ বৈঠকৰ অন্তত আৰ বি আইৰ গৱৰ্নৰ সঞ্জয় মালহোত্ৰাই কয় যে ৰেপো ৰেট ২৫ বেচিছ পইণ্ট কৰ্তন (25 basis point cut) কৰা হৈছে। নতুন ৰেপো ৰেট ৬.২৫ শতাংশ। এই ঘোষণাৰ পিছত বাণিজ্যিক বেংকে ঋণৰ সুতৰ হাৰ হ্ৰাস কৰিব পাৰে। ফলত সাধাৰণ মানুহৰ গাড়ী-ঘৰৰ ঋণত ৰাহি কৰিব।

বুধবাৰে শীৰ্ষ বেংকটোৰ কেন্দ্ৰীয় মুদ্ৰানীতি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। আৰ বি আইৰ নতুন গৱৰ্নৰ সঞ্জয় মালহোত্ৰাৰ এইখন প্ৰথম এম পি চি বৈঠক। আৰ বি আইৰ সুতৰ হাৰক ৰেপো ৰেট বোলা হয়। ৰিজাৰ্ভ বেংকে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত বেংকক যি সুতৰ হাৰত ঋণ দিয়ে, সেই হাৰক ৰেপো ৰেট বোলা হয়। বিত্তীয় বিশ্লেষকসকলে ভৱিষ্যদ্বাণী কৰিছিল যে কেন্দ্ৰীয় বেংকটোৱে ৰেপো ৰেট ২৫ বেছিছ পইণ্ট কমাব পাৰে। কাৰণ ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত এটকাও কৰ আৰোপ নকৰে। উক্ত ঘোষণাৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ লোকে সকাহ লাভ কৰে। ইয়াৰ পিছত সকলোৱে জানিবলৈ অপেক্ষা কৰি আছিল আৰ বি আয়ে সুতৰ হাৰ কৰ্তন কৰিবনে নকৰে। শুকুৰবাৰে এম পি চিয়ে হাৰ কৰ্তনৰ কথা ঘোষণা কৰে।