
ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে (Indian Army) এইবাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক নতুন ৰূপ দিছে। ইয়াৰ বাবে সশস্ত্ৰ বাহিনী, সেনা আৰু বায়ুসেনাৰ দুয়োটা শাখাৰ সমন্বয় তীব্ৰতৰ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

দুয়োটা সেৱাৰ সকলো বায়ু প্ৰতিৰক্ষা গোটক ইণ্টিগ্ৰেটেড এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰোল চিষ্টেম (আইএচিএছ) নামৰ এক ব্যৱস্থাপনা প্ৰণালীৰ অধীনলৈ অনা হৈছে। কিছুমান প্ৰতিবেদনে দাবী কৰিছে যে একত্ৰীকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কেইবছৰমান পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ থিয়েটাৰাইজেচন ঘোষণা কৰিছিল।
তেওঁৰ মন্ত্ৰালয়ৰ সূত্ৰই কৈছিল যে নতুন ব্যৱস্থাৰ অধীনত ৰাছিয়াৰ এছ-৪০০ ৰ পৰা ভাৰতীয় ‘আকাশ’ (ভূপৃষ্ঠৰ পৰা বায়ুলৈ মিছাইল) সকলোবোৰ আইএচিচিএছৰ নিয়ন্ত্ৰণত আহিব। সেনাবাহিনীৰ ‘এয়াৰ ডিফেন্স চিষ্টেম’ৰ ক্ষেত্ৰত এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে।
সোমবাৰে নিজৰ বাৰ্ষিক সংবাদমেলত সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয়, “আমি এই বছৰৰ শেষৰ ফালে একত্ৰীকৰণ সম্পূৰ্ণ কৰিব পাৰিম বুলি আশা কৰিছো। বৰ্তমান ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমগ্ৰ দেশতে পৃথক কমাণ্ড আছে। ‘থিয়েট্ৰাইজেচন’ পদ্ধতিৰ চূড়ান্ত লক্ষ্য হৈছে তিনিটা শক্তিৰ পৃথক আধিপত্যৰ সলনি একক থিয়েটাৰ কমাণ্ড সৃষ্টি কৰা।”











