উমৰাংছুৰ কয়লাখনি দুৰ্ঘটনাই (Umrangso accident) ১০ দিনত ভৰি দিলে। কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই কয়লাখনিটোত আবদ্ধ ৫ শ্ৰমিকক। ইতিমধ্যে কয়লাখনিটোত আবদ্ধ ৯ জন শ্ৰমিকৰ ভিতৰত চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আৰু ৫ জন শ্ৰমিক এতিয়াও খনিটোত আবদ্ধ হৈ আছে।

বিগত ৯ দিনৰ উদ্ধাৰ অভিযানৰ পিছতো তেওঁলোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই। তাৰ মাজতে এই উদ্ধাৰ অভিযানত আন এক অনিশ্চয়তাই দেখা দিছে৷
কিয়নো কয়লাখনিৰ উদ্ধাৰ অভিযান আধাতে সামৰি অভিযানত নিয়োজিত নৌ-সেনাৰ দলটো সোমবাৰে উভতি যায়। লগতে নাগপুৰৰ পৰা অনা বিশেষ পাম্প মেচিনটোও উভতাই লৈ যায়। অৱশ্যে এন ডি আৰ এফ বাহিনীয়ে আজি দশমদিনাও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ কিন্তু সমস্যাই দেখা দিছে উদ্ধাৰ অভিযানত।
কিয়নো কয়লাখনিটোৰ পৰা পানী নিষ্কাশন কৰিবলৈ ব্যৱহাৰ কৰা পাম্প বন্ধ কৰিলেই খনিটোত পুনৰ পানী ভৰ্তি হয়৷ বৰ্তমানেও তাত ১০০ ফুট গভীৰ পানী জমা হৈ থকাত উদ্ধাৰ অভিযান এক অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে।