
প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) বিৰুদ্ধে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত আইনী প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা অনুমোদন লাভ কৰিছে সংস্থাটোৱে।

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই ইয়াত অনুমোদন জনাইছিল। এইবাৰ ইডিয়ে অমিত শ্বাহৰ মন্ত্ৰালয়ৰ পৰাও অনুমোদন লাভ কৰিলে। ফলস্বৰূপে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে আপৰ মুৰব্বীগৰাকী।
যোৱা বছৰৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্য চৰকাৰৰ সন্মতি অবিহনে এজন ৰাজহুৱা প্ৰতিনিধিৰ বিৰুদ্ধে ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত মোকৰ্দমা চলাব নোৱাৰি।
ইয়াৰ পূৰ্বে ইডিয়ে কোনো ক্ষেত্ৰতে জনপ্ৰতিনিধিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰৰ সন্মতিৰ প্ৰয়োজন নাছিল। ইয়াৰ ভিত্তিত কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰলৈ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি বিচাৰি পত্ৰ লিখে। পত্ৰখনত ইডিয়ে দাবী কৰে যে কেজৰিৱাল আবকাৰী গোচৰৰ “কিংপিন আৰু মুখ্য ষড়যন্ত্ৰকাৰী” আছিল।
উল্লেখযোগ্য যে ইডিয়ে জুলাইত আবকাৰী গোচৰত ২০০ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছিল। কেজৰিৱাল আৰু দিল্লীৰ শাসনাধিষ্ঠ আপক গোচৰটোত অভিযুক্ত কৰা হৈছিল। বিচাৰ আদালতে কৈছিল যে কেজৰিৱালৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অভিযোগপনামাত পৰ্যাপ্ত তথ্য আছে। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।
উচ্চ ন্যায়ালয়ত তেওঁৰ আবেদন আছিল যে চৰকাৰে ৰাজহুৱা প্ৰতিনিধিৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আগতীয়া অনুমতি ল’ব লাগিব, যিটো ইডিয়ে গ্ৰহণ কৰা নাছিল। নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ইডিক অনুমতি বিচাৰিবলৈ নিৰ্দেশ দিছিল।











