
ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত আটক কৰাৰ সময়তে বাংলাদেশী চোৰাংচোৱাই (Bangladeshi spying) বিএছএফৰ জোৱানৰ (BSF personnel) ওপৰত আক্ৰমণৰ চেষ্টা (Attempt to attack) চলায়। আনকি বাংলাদেশী চোৰাংচোৱাই সীমান্তৰ কৰ্তব্যৰত দুজন বিএছএফৰ জোৱানক চোকা অস্ত্ৰ-শস্ত্ৰ আৰু লাঠিৰে আক্ৰমণ কৰাৰ লগতে বিজিবিৰ সন্মুখতে বিএছএফৰ জোৱানৰ সঁজুলি চুৰি কৰিবলৈও চেষ্টা চলায়। ত্ৰিপুৰাৰ উনকোটি জিলা (Unkoti district of Tripura)ৰ কৈলা চহৰৰ মাগুৰুলী গাঁও পঞ্চায়তৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪৭ নং স্তম্ভৰ সমীপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
অৱশ্যে পিছত আন বিএছএফৰ জোৱান উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে বাংলাদেশী চোৰাংচোৱাই পলায়ন কৰে। ভাৰতৰ সীমান্তৰ সমীপৰ মাগুৰুলী গাঁও পঞ্চায়তৰ বাসিন্দাসকলে ঘটনাৰ খবৰ পাই ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম ধ্বনি দি আগবাঢ়ি আহে। বিএছএফৰ অস্ত্ৰ-শস্ত্ৰ চুৰি কৰি বিএছএফক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত বাংলাদেশী আক্ৰমণকাৰীক বাধা প্ৰদান কৰে বিজিবিৰ এজন সদস্যই।

জানিব পৰা মতে, মঙলবাৰে বিয়লি ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে অঞ্চলটোৰ মাজেৰে একাংশ বাংলাদেশী চোৰাংচোৱাই ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল। সেই সময়ত সীমান্তত কৰ্তব্যৰত দুজন বিএছএফৰ জোৱানে সৰবৰাহকাৰীক বাধা প্ৰদান কৰে। ইয়াৰ বাবেই বাংলাদেশী চোৰাংচোৱাই একত্ৰিত হৈ বিএছএফৰ জোৱানক লাঠি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।
বিএছএফেও জোৱানৰ সঁজুলিবোৰ কাঢ়ি নিবলৈ চেষ্টা কৰে। আনকি বিএছএফৰ জোৱানৰ বিৰুদ্ধে গুলী চলোৱাৰো মিছা অভিযোগ উত্থাপন কৰে। বিএছএফৰ জোৱানক অকথ্য গালি-গালাজো কৰে। অৱশ্যে উক্ত স্থানত থকা বিএছএফৰ দুজন জোৱানে ধৈৰ্য আৰু সাহসেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। পিছত বিএছএফৰ বিষয়াসকলে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হৈ অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি জানিব পৰা গৈছে।













