
শুকুৰবাৰে সন্ধিয়া কুকি জনসাধাৰণৰ প্ৰতিবাদৰ বাবে মণিপুৰৰ (Manipur Violence) কাংপোকপিত নতুনকৈ অশান্তিৰ সৃষ্টি হয়। কাংপোকপিৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ। এই আক্ৰমণত এজন আৰক্ষী আহত হোৱা বুলিও জানিব পৰা গৈছে।

কাংপোকপিৰ পাহাৰীয়া অঞ্চলৰ পৰা নিৰাপত্তা বাহিনী আঁতৰোৱাৰ দাবী জনাইছে কুকি জনগোষ্ঠীৰ ৰাইজে। উক্ত দাবীৰে তেওঁলোকে শুকুৰবাৰে সন্ধিয়া কাংপোকপিৰ যাতায়াত ব্যৱস্থা অৱৰোধ কৰাৰ চেষ্টা চলাইছিল। নিৰাপত্তা বাহিনীয়ে তাত প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে।
ইয়াৰ পিছতে ক্ষুব্ধ জনতাই কাংপোকপিৰ আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ৰ ফালে আগবাঢ়ে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, তেওঁলোকে কাৰ্যালয়টোত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও প্ৰতি আক্ৰমণ চলায়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয়। সূত্ৰ অনুসৰি শূন্যলৈও গুলীচালনা কৰা হয়।
নিৰাপত্তা বাহিনীয়ে ৰাইজক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰাৰ সময়তে কেইবাজনো প্ৰতিবাদকাৰী আহত হয়। সূত্ৰ অনুসৰি, পৰিস্থিতি চম্ভালিবলৈ কাংপোকপিলৈ অধিক নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। ২৯ ডিচেম্বৰতো কাংপোকপি জিলাত নিৰাপত্তা বাহিনীক কেন্দ্ৰ কৰি প্ৰতিবাদ হৈছিল।
সশস্ত্ৰ উগ্ৰপন্থীয়ে দখল কৰা পাহাৰীয়া অঞ্চলত সেনা, বিএছএফ আৰু চিআৰপিএফৰ যুটীয়া বাহিনীয়ে অভিযান চলাইছিল। উগ্ৰপন্থীক আশ্ৰয় দিয়া বাংকাৰ ভাঙি পেলোৱা হয়। ইয়াৰ পিছতে নিৰাপত্তা বাহিনীক কেন্দ্ৰ কৰি অঞ্চলটোৰ আশেপাশে থকা গাঁৱৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে।













