
2024 বৰ্ষৰ অন্তিম দিনটোত ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিলে মণিপুৰৰ মুখ্যমন্ত্রীয়ে ৷ মুখ্যমন্ত্রী এন বীৰেণ সিঙে (N Biren Singh) কয়, “যি হ’ল পাহৰি যাওক !” লগতে আশ্বাস দিয়ে যে আগন্তুক বছৰটোত শান্তি ঘূৰি আহিব। তেওঁ শান্তি ঘূৰাই আনিব। কিন্তু তেওঁৰ এই বাৰ্তাৰ সময়তে আন এক অশান্তিকৰ ঘটনা সংঘটিত হয়। যাৰ বাবে এখন জিলাত সান্ধ্য আইন ঘোষণা কৰা হয়।

ডেৰ বছৰতকৈও অধিক সময় ধৰি সাম্প্ৰদায়িক হিংসাই কঁপাই আছে মণিপুৰ। এই পৰ্যন্ত শ শ লোকৰ মৃত্যু হৈছে। বহুতেই গৃহহীন হৈছে। শেহতীয়াকৈ পৰিস্থিতি অলপ নিয়ন্ত্ৰণলৈ আহিছে যদিও মণিপুৰ এতিয়াও অস্থিৰ হৈ পৰিছে। তাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে। মঙলবাৰে ইম্ফলত এক সংবাদমেলত বীৰেণ সিঙে কয়, “এই গোটেই বছৰটো অতি দুৰ্ভাগ্যজনক।
যোৱা বছৰৰ ৩ মে’ৰ পৰা আজিলৈ যি ঘটিছে তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছো। বহুতে আপোনজনক হেৰুৱাইছে। বহুতে ঘৰৰ পৰা ওলাই যাবলগা হৈছিল। সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কিন্তু যোৱা তিনি-চাৰি মাহৰ পৰিস্থিতি দেখি মোৰ বিশ্বাস ২০২৫ চনত ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰই পাহাৰীয়া আৰু উপত্যকা জিলাৰ সীমান্তত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে, যাৰ ফলত সীমান্ত অঞ্চলত গুলীচালনাৰ ঘটনাও হ্ৰাস পাইছে। পশ্চিম ইম্ফল, পূব ইম্ফল, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত দুহেজাৰৰো অধিক গৃহহীন পৰিয়ালক সংস্থাপন কৰা হৈছে।
২ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰাপত্তাৰ কথা মনত ৰাখি ক্ৰমে অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ ১৭ আৰু ১৮ কোম্পানী মোতায়েন কৰা হৈছে। ইয়াৰ উপৰি বিগত কেইমাহমানৰ ভিতৰত সমগ্ৰ ৰাজ্যজুৰি জব্দ কৰা হৈছে ছয় হাজাৰৰো অধিক আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদ।
বিভিন্ন ঘটনাত মুঠ ১২,২৪৭টা অভিযোগ দাখিল কৰা হৈছে। ৬২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছত বীৰেণ সিঙৰ আশ্বাসত ৰাজ্যই মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। মণিপুৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতেও আলোচনা চলি আছে।
বীৰেণ সিঙে কয়, “যি হ’ল পাহৰি যাওক। অতীতক পাহৰি শান্তি আৰু সমৃদ্ধিৰ নতুন জীৱন আৰম্ভ কৰোঁ!” অৱশ্যে বছৰৰ শেষত এতিয়াও অস্থিৰ হৈ আছে মণিপুৰ। মঙলবাৰে স্থানীয় লোক আৰু নিৰাপত্তাৰক্ষীৰ মাজত ব্যাপক সংঘৰ্ষৰ ফলত কংপোকোপি জিলাৰ চাইকুলত জাৰি কৰা হৈছে কাৰ্ফিউ।













