আগন্তুক বছৰত নেট বেংকিঙ (Net Banking)ত ডাঙৰ পৰিৱৰ্তন (Big change) আহি আছে। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা হ’ব এই পৰিৱৰ্তন (Changes from April 1)। সেয়ে নেট বেংকিঙত এতিয়াৰে পৰা অধিক সতৰ্ক হোৱাটো ভাল। উদাহৰণস্বৰূপে, আৰ টি জি এছ আৰু এন ই এফ টিৰ জৰিয়তে কাৰোবালৈ ধন পঠোৱাৰ পূৰ্বে প্ৰেৰকজনে উক্ত ব্যক্তিজনৰ বেংকত নাম পঞ্জীয়ন হোৱা দেখিবলৈ পাব। বৰ্তমান এই সুবিধা গুগল পে বা ফোন পেৰ দৰে ইউ পি আই প্লেটফৰ্মত উপলব্ধ। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰ টি জি এছ আৰু এন ই এফ টিৰ জৰিয়তে কাৰোবালৈ ধন পঠোৱাৰ পূৰ্বে এই সুবিধা উপলব্ধ হ’ব।

ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো বেংককে নিৰ্দেশ দিছে। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত সকলো বেংকে এই ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব। বেংকসমূহত আৰ টি জি এছ আৰু এন ই এফ টিৰ জৰিয়তে প্ৰেৰণ কৰা ব্যক্তিজনৰ বাবে নাম পৰীক্ষণ ব্যৱস্থা থাকিব লাগিব। অনলাইন বেংকিং, মোবাইল এপৰ ক্ষেত্ৰত প্ৰেৰকসকলে এই সুবিধা লাভ কৰিব। যদি কোনোবাই বেংকৰ শাখালৈ গৈ আৰ টি জি এছ বা এন ই এফ টি কৰিব বিচাৰে তেন্তে সেই সুবিধাও উপলব্ধ হ’ব। আৰ বি আইৰ এই নিৰ্দেশ হৈছে বিত্তীয় লেনদেন অধিক সুৰক্ষিত কৰা। অধিসূচনাত আৰ বি আয়ে ইউ পি আই সেৱাৰ প্ৰসংগও আলোকপাত কৰে। ইউ পি আই প্লেটফৰ্মত এই সেৱাৰ বাবে প্ৰেৰকসকলে যি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰা হৈছে।
উল্লেখ্য যে এই নিৰ্দেশনা চলিত বৰ্ষৰ অক্টোবৰ মাহত কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশেষত আৰ বি আয়ে অহা বছৰৰ এপ্ৰিলৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে।