ASSAM TIMES POST
নিউজ ডেক্স
নাগৰিকত্ব সংশোধনী আইন সম্পূৰ্ণৰূপে ভাৰতৰ অভ্যন্তৰীণ বিষয়৷ গণতান্ত্ৰিক পদ্ধতিত সংসদৰ দুয়োখন সদনতে আলোচনা আৰু সন্মতিৰ ভিত্তিত এই আইন প্ৰণয়ন কৰা হৈছে৷ এই আইনৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নে অনা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ এনেদৰে দিছে ভাৰতে৷
চৰকাৰে লগতে জনাই যে কোনো ব্যক্তিৰ নাগৰিকত্ব কাঢ়ি আনিবৰ বাবে এই আইন নহয়৷ প্ৰতিৱেশী দেশবোৰৰ নিপীড়িত সংখ্যালঘুক ৰক্ষা কৰা আৰু তেওঁলোকক নাগৰিকত্ব দিবৰ বাবেই এই আইন৷ দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ইউৰোপীয় ইউনিয়ন৷ নাগৰিকত্ব সংশোধনী আইনক লৈ ভাৰত চৰকাৰৰ ভূমিকাক তীব্ৰ নিন্দা কৰি ছটা প্ৰস্তাৱ পেশ কৰিছিল অধিকাংশ সদস্যই৷
৭৫১ সদস্যৰ ভিতৰত ৬২৫ সদস্যই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল৷ প্ৰস্তাৱটোত এই আইনখন ‘বৈষম্যমূলক’ আৰু ‘ভয়ানক বিভাজনকাৰী’ বুলি উল্লেখ কৰিছিল৷ ইয়াৰ বিপৰিতে ভাৰতে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে৷










