ASSAM TIMES POST
ডিফু : ৭১ সংখ্যক গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত ভাৰতীয় সেনাৰ কাৰবি আংলঙ জিলাৰ সদৰ ডিফুস্থিত ৰেড হৰ্ণ ডিভিজনে অংশ গ্ৰহণ কৰি আকৰ্ষণীয় পাইপ বেণ্ড প্ৰদৰ্শন কৰি দৰ্শকক মনোৰঞ্জন প্ৰদৰ্শন কৰে ৷ কাৰবি আংলং জিলাত সেনাৰ ৰেড হৰ্ণ ডিভিজনে সৰ্বস্তৰৰ জন সাধাৰণৰ মাজত শান্তি-সমপ্ৰিতী স্থাপন কৰিবলৈ সদ্ভাৱনা অভিযানৰ জৰিয়তে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ৷
আজিৰ পাইপ বেণ্ড প্ৰদৰ্শনো সদ্ভাৱনা কাৰ্যযসূচীৰ অংশ বুলি সেনাৰ এক প্ৰেছ বিবৃতিত প্ৰকাশ ৷ আজিৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰায় সহস্ৰাধিক দৰ্শক, তিনিশতাধিক ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সেনাৰ এই পাইপ বেণ্ড প্ৰদৰ্শন উপভোগ কৰি উৎফুল্লিত হৈছে বুলি বিবৃতিোত প্ৰকাশ ৷










